

গেংটক, ০৪ জানুৱাৰী (হি.স.)। ছিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছে ন্যায়মূৰ্তি এ মহম্মদ মুস্তাকে। আজি ৰাজধানী চহৰৰ লোকভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত ছিকিম উচ্চ ন্যায়ালয়ৰ নৱনিযুক্ত মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি এ মহম্মদ মুস্তাকক পদৰ শপত আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় ছিকিমৰ ৰাজ্যপাল ওম প্ৰকাশ মাথুৰে।
লোক ভৱনৰ আশীৰ্ৱাদ হলত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং, ছিকিম বিধানসভাৰ অধ্যক্ষ এম এন শ্বেৰপা আৰু উপাধ্যক্ষ ৰাজ কুমাৰী থাপা, ছিকিম উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ন্যায়মূৰ্তি মীনাক্ষী মদাৰ ৰায় আৰু ন্যায়াধীশ ন্যায়মূৰ্তি ভাস্কৰ ৰাজ প্ৰধান, মন্ত্ৰীসকল, বিধায়ককে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
ইয়াৰ পূৰ্বে ছিকিম চৰকাৰৰ মুখ্য সচিব আৰ তেলাঙে মুখ্য ন্যায়াধীশ এ মহম্মদ মুস্তাকৰ নিযুক্তিৰ অধিসূচনা আৰু ৱাৰেণ্ট পাঠ কৰে। শপতগ্ৰহণৰ অন্তত ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু উপস্থিত বিশিষ্ট ব্যক্তিসকলে নৱনিযুক্ত মুখ্য ন্যায়াধীশগৰাকীক অভিনন্দন জনায়।
কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ন্যায়মূৰ্তি এ মহম্মদ মুস্তাকে আজিৰে পৰা ছিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁ ছিকিম উচ্চ ন্যায়ালয়ৰ বিদায়ী মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি বিশ্বনাথ সোমাদ্দাৰৰ উত্তৰাধিকাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব।
ছিকিম উচ্চ ন্যায়ালয়ৰ নৱনিযুক্ত মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি মুস্তাকৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে আনন্দ প্ৰকাশ কৰে। তেওঁ আজি ছ’চিয়েল মিডিয়া ফেচবুকত এক পোষ্ট যোগে ন্যায়মূৰ্তি মুস্তাকক শুভেচ্ছা জ্ঞাপন কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ