
নতুন দিল্লী, ০৫ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক জন্মদিনৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত লিখিছে, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা দিদীলৈ জন্মদিনৰ শুভেচ্ছা জনালোঁ। তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা কৰিছো।
উল্লেখযোগ্য যে ১৯৫৫ চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰা মমতা বেনাৰ্জীয়ে বৰ্তমান পশ্চিম বংগৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি ৰাজ্যখনৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰীৰ সন্মান লাভ কৰিছে। ২০১১ চনৰ ২০ মে’ৰ পৰা এই পদত অধিষ্ঠিত হৈ থকা তেখেত নিখিল ভাৰত তৃণমূল কংগ্ৰেছৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষও। মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে বেনাৰ্জী সাতবাৰকৈ লোকসভাৰ সদস্য আছিল আৰু ৰে’লৱে, কয়লা, খনি, আৰু মানৱ সম্পদ উন্নয়নৰ দৰে কেবিনেটৰ দায়িত্বত আছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া