বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়ৰ নিযুক্তিৰ অনিয়মৰ গোচৰ ইমেইল যোগে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ
কলকাতা, ০৫ জানুৱাৰী (হি.স.)। পশ্চিম বংগৰ শান্তি নিকেতনৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ত অশৈক্ষিক আৰু প্ৰশাসনিক স্থায়ী পদত নিযুক্তি সন্দৰ্ভত অনিয়মৰ অভিযোগ উত্থাপন হৈছে। এই বিষয়ত অভিযোগ উত্থাপন কৰিবলৈ কেইবাজনো প্ৰাৰ্থীয়ে বিশ্ববিদ্যালয়খনৰ কাৰ্যনিৰ্বা
शांतिनिकेतन स्थित विश्वभारती विश्वविद्यालय  (फाइल फोटो)


কলকাতা, ০৫ জানুৱাৰী (হি.স.)। পশ্চিম বংগৰ শান্তি নিকেতনৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ত অশৈক্ষিক আৰু প্ৰশাসনিক স্থায়ী পদত নিযুক্তি সন্দৰ্ভত অনিয়মৰ অভিযোগ উত্থাপন হৈছে। এই বিষয়ত অভিযোগ উত্থাপন কৰিবলৈ কেইবাজনো প্ৰাৰ্থীয়ে বিশ্ববিদ্যালয়খনৰ কাৰ্যনিৰ্বাহক চ্যান্সেলৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ইমেইলযোগে অভিযোগ কৰিছে। শিক্ষা মন্ত্ৰালয় আৰু বিশ্ববিদ্যালয় অনুদান আয়োগলৈও অভিযোগ প্ৰেৰণ কৰা হৈছে।

সূত্ৰৰ মতে, অভিযোগ কৰা হৈছে যে বিশ্ববিদ্যালয়খনৰ অফিচিয়েল ৱেবছাইটত চূড়ান্ত মেৰিট তালিকা আপলোড কৰা হোৱা নাছিল, আৰু ব্যক্তিগত ইমেইলৰ জৰিয়তে নিৰ্বাচিত প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰেৰণ কৰা হৈছিল। কিছুমান পদ, যেনে পঞ্জীয়ক, অধ্যয়ন সঞ্চালক, আৰু প্ৰকাশন সঞ্চালকৰ তথ্য ৰাজহুৱা কৰা হৈছিল যদিও উপ-পঞ্জীয়ক আৰু সহকাৰী মহাপঞ্জীয়ক পদৰ মেধা তালিকা এতিয়াও প্ৰকাশ কৰা হোৱা নাই।

প্ৰাৰ্থীসকলে দাবী কৰিছে যে লিখিত পৰীক্ষা ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কৰিছিল যদিও প্ৰাথমিক ফলাফল ইয়াৰ ৱেবছাইটত প্ৰকাশ কৰা হোৱা নাই। ইয়াৰ পিছতো ২০২৫ চনৰ ২৭ অক্টোবৰত চূড়ান্ত মেৰিট তালিকা প্ৰকাশ পোৱাত গুৰুতৰ প্ৰশ্নৰ উত্থাপন হয়।

বিশ্ববিদ্যালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই দাবী কৰিছে যে বৰ্তমানৰ নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ হোৱা নাই আৰু নিয়ম আওকাণ কৰা হৈছে। অৱশ্যে এই অভিযোগ নাকচ কৰিছে বিশ্ব ভাৰতী প্ৰশাসনে।

শিক্ষা মন্ত্ৰালয়ৰ প্ৰতি সঁহাৰি জনাই বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে কয় যে সকলো নিযুক্তি ২০২৩ চনৰ ১৭ এপ্ৰিলত জাৰি কৰা নিযুক্তি অধিসূচনাৰ নিয়ম অনুসৰি কৰা হৈছিল, আৰু ৫ ডিচেম্বৰত কাৰ্যবাহী পৰিষদে অনুমোদন জনোৱা হৈছিল। আনহাতে বিশ্ববিদ্যালয় প্ৰশাসনে অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি উল্লেখ কৰিছে ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande