
ৱাশ্বিংটন/কাৰাকাছ, ০৪ জানুৱাৰী (হি.স.)। আমেৰিকাৰ সামৰিক আক্ৰমণত জোকাৰি গৈছে ভেনিজুৱেলা। শনিবাৰে পুৱা ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত আমেৰিকাৰ সামৰিক বিমান আক্ৰমণৰ ফলত তীব্ৰ বিস্ফোৰণ সংঘটিত হয়। ইয়াৰ পিছতে আমেৰিকাৰ নিৰাপত্তা বাহিনী ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰে। ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰি আমেৰিকালৈ লৈ যোৱা হয়। সম্প্ৰতি নিউয়ৰ্কৰ এটা সামৰিক ঘাটিত ৰখা হৈছে।
চিএনএনৰ এক প্ৰতিবেদন অনুসৰি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ আক্ৰমণ সফল বুলি উল্লেখ কৰিছে। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰি দেশৰ বাহিৰলৈ লৈ যোৱা হৈছে। ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত সংঘটিত হোৱা বিস্ফোৰণৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে ট্ৰাম্পৰ এই চাঞ্চল্যকৰ ঘোষণা কৰা হয়। মাদুৰো আৰু তেওঁৰ পত্নীক এতিয়াও নিউয়ৰ্কৰ এটা সামৰিক ঘাটিত ৰখা হৈছে। এজন আইন প্ৰয়োগকাৰী বিষয়াৰ মতে, মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছ বৰ্তমান নিউয়ৰ্কৰ ষ্টুৱেৰ্ট এয়াৰ নেশ্যনেল গাৰ্ড বেছত আছে। তাত থকা এটা হেংগাৰত ফ্ল’ৰেছৰ চিকিৎসা পৰীক্ষা চলি আছে।
খবৰ অনুসৰি কাৰাকাছত আমেৰিকাৰ বৃহৎ সামৰিক অভিযানৰ সময়ত দম্পতীহালক শোৱা কোঠাৰ পৰা উলিয়াই অনা হৈছিল। মেট্ৰ’পলিটান ডিটেনশ্যন চেণ্টাৰলৈ লৈ যোৱাৰ পূৰ্বে হেলিকপ্টাৰেৰে নিউয়ৰ্ক চহৰলৈ নিয়াৰ সম্ভাৱনা আছে মাদুৰো। অহা সপ্তাহত মানহাটান ফেডাৰেল আদালতত ড্ৰাগছ আৰু অস্ত্ৰৰ অভিযোগত হাজিৰ হোৱাৰ কথা। ইফালে ভেনিজুৱেলাৰ বিৰোধীয়ে আৰ্জেণ্টিনা, ইকুৱেডৰ, পানামা, পেৰাগুৱেৰ লগতে ফ্ৰান্সকে ধৰি বিশ্বৰ চৰকাৰৰ সংস্পৰ্শত আছে। বিৰোধীয়ে কয় যে এই দেশসমূহে ভেনিজুৱেলাৰ জনসাধাৰণৰ ইচ্ছা পুনৰ ঘূৰাই অনাৰ বাবে সমৰ্থন প্ৰকাশ কৰিছে।
সংবাদমেলত ট্ৰাম্পে কয় যে তেওঁ বিশ্বাস নকৰে যে বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৰ হাতত দেশখন শাসন কৰিবলৈ প্ৰয়োজনীয় সমৰ্থন আছে। উল্লেখযোগ্য যে শেহতীয়াকৈ মাৰিয়া ক’ৰিনাই শান্তিৰ নোবেল বঁটা লাভ কৰিছে। বিৰোধীয়ে দাবী কৰিছে যে ২০২৪ চনৰ জুলাই মাহৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী এডমুণ্ডো গনজালেজে ৬৭ শতাংশ ভোট লাভ কৰি জয়লাভ কৰাৰ বিপৰীতে মাডুৰ’ই ৩০ শতাংশ ভোট লাভ কৰিছিল। অৱশ্যে ভেনিজুৱেলাৰ ৰাষ্ট্ৰীয় নিৰ্বাচনী পৰিষদে ভোট গণনাৰ সবিশেষ প্ৰকাশ নকৰাকৈয়ে মাদুৰোক বিজয়ী ঘোষণা কৰে। এই সিদ্ধান্ত আন্তঃৰাষ্ট্ৰীয় সমাজৰ অধিকাংশই নাকচ কৰিছিল।
চিবিএছ নিউজৰ এক প্ৰতিবেদন অনুসৰি ট্ৰাম্পে কয় যে আমেৰিকাই আপাততঃ ভেনিজুৱেলাক “চলাব” আৰু “তেল প্ৰবাহ আৰম্ভ কৰিব”। বিষয়াসকলে জনোৱা মতে, আমেৰিকান সেনাৰ ডেল্টা ফৰ্চ নামৰ এটা অভিজাত বিশেষ বাহিনীৰ ইউনিটে মাদুৰোক ধৰিবলৈ এই অভিযান চলাইছিল। শনিবাৰে বিয়লি নিউয়ৰ্কত অৱতৰণ কৰে মাদুৰো আৰু তেওঁৰ পত্নী। ইফালে, এটৰ্নী জেনেৰেল পেম বণ্ডীয়ে ২০২০ চনত মাদুৰোৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা পত্ৰ শ্বেয়াৰ কৰে।
ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিগৰাকীক আমেৰিকাৰ সেনাই বন্দী কৰাৰ কেইঘণ্টামানৰ পাছত চৰকাৰৰ শীৰ্ষ ব্যক্তিসকলে এই সামৰিক কাৰ্যক তীব্ৰভাৱে গৰিহণা দিয়ে আৰু দেশখনত আমেৰিকাৰ হস্তক্ষেপৰ প্ৰতিবাদ কৰাৰ পৰিকল্পনা কৰাৰ ইংগিত দিয়ে। উপ-ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে মাদুৰোৰ গ্ৰেপ্তাৰক “বৰ্বৰ, অবৈধ আৰু অপহৰণ” বুলি অভিহিত কৰে। ভেনিজুৱেলাৰ সাৰ্বভৌমত্বৰ ওপৰত আক্ৰমণ বুলিও কয় তেওঁ। লগতে মাদুৰো আৰু তেওঁৰ পত্নীক শীঘ্ৰে মুকলি কৰি দিবলৈ দাবী জনায় ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া