আজি বাৰাণসীত ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদী
নতুন দিল্লী, ০৪ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ ১২ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰিব । বাৰাণসীৰ ড০ সম্পুৰ্ণানন্দ ক্ৰীড়া খেলপথাৰত অনুষ্ঠিত হ’ব মুকলি সভা। এক আনুষ্ঠানিক বিব
2f522db0fd60540c4d7d973a69893e0b_1222479575.jpg


নতুন দিল্লী, ০৪ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ ১২ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰিব । বাৰাণসীৰ ড০ সম্পুৰ্ণানন্দ ক্ৰীড়া খেলপথাৰত অনুষ্ঠিত হ’ব মুকলি সভা। এক আনুষ্ঠানিক বিবৃতি অনুসৰি অহা ১১ জানুৱাৰীত সামৰণি পৰিব ৮ দিনীয়া এই ক্ৰীড়া প্ৰতিযোগিতা। ভাৰতীয় জনতা পাৰ্টিয়ে এই তথ্য টুইটাৰযোগে শ্বেয়াৰ কৰিছে।

আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা অনুসৰি, দেশৰ বিভিন্ন ৰাজ্য আৰু প্ৰতিষ্ঠানক প্ৰতিনিধিত্ব কৰা ৫৮টা দলৰ অংশ হিচাপে এই প্ৰতিযোগিতাত ১০০০ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। এই প্ৰতিযোগিতাত ভাৰতীয় ভলীবলৰ প্ৰতিদ‌্বন্দ্বিতা, ক্ৰীড়া, প্ৰতিভাৰ উচ্চ মানদণ্ড প্ৰদৰ্শন কৰা হ’ব।

বাৰাণসীত ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল চেম্পিয়নশ্বিপৰ আয়োজনে ক্ৰীড়া আন্তঃগাঁথনি শক্তিশালী হোৱাৰ লগতে মহানগৰীত ক্ৰীড়া বিকাশৰ প্ৰসাৰৰ প্ৰতিফলন ঘটিছে। এই অনুষ্ঠানে বাৰাণসীৰ ডাঙৰ ডাঙৰ ৰাষ্ট্ৰীয় অনুষ্ঠানৰ কেন্দ্ৰ হিচাপে পৰিচয় আৰু অধিক শক্তিশালী কৰে আৰু সাংস্কৃতিক আৰু ক্ৰীড়া কাৰ্যসূচী আয়োজন কৰাৰ ক্ষেত্ৰত চহৰখনৰ ক্ৰমবৰ্ধমান ভূমিকাৰ সৈতে সংগতি ৰাখিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande