ইৰাণৰ ৩১খন প্ৰদেশৰ ভিতৰত ২৫খন অশান্তিজৰ্জৰ, ১৬জন হিংসাত্মক পৰিস্থিতিত নিহত; দমনৰ আহ্বান খামেনেইৰ
তেহৰাণ (ইৰাণ), ০৪ জানুৱাৰী (হি.স.)। ইৰাণত মুদ্ৰাস্ফীতি আৰু দেশৰ সৰ্বোচ্চ নেতা খামেনেইৰ বিৰুদ্ধে সাত দিনজোৰা প্ৰতিবাদে দেশৰ ৩১খন প্ৰদেশৰ ভিতৰত ২৫খন চহৰৰ কমেও ৬০খন চহৰত বিয়পি পৰিছে। এই চহৰসমূহৰ ভিতৰত ১৭৪টা স্থানত পৰিস্থিতি ভয়াৱহ হৈ পৰিছে। প্ৰতিবাদক
45a51bfe1d6a988c347a1d61997a5095_672780913.jpg


তেহৰাণ (ইৰাণ), ০৪ জানুৱাৰী (হি.স.)। ইৰাণত মুদ্ৰাস্ফীতি আৰু দেশৰ সৰ্বোচ্চ নেতা খামেনেইৰ বিৰুদ্ধে সাত দিনজোৰা প্ৰতিবাদে দেশৰ ৩১খন প্ৰদেশৰ ভিতৰত ২৫খন চহৰৰ কমেও ৬০খন চহৰত বিয়পি পৰিছে। এই চহৰসমূহৰ ভিতৰত ১৭৪টা স্থানত পৰিস্থিতি ভয়াৱহ হৈ পৰিছে। প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত তীব্ৰ সংঘৰ্ষত কমেও ১৬ জন লোকৰ প্ৰাণহানি হৈছে। ইয়াৰ ভিতৰত আছে ১৫ জন প্ৰতিবাদকাৰী আৰু এজন নিৰাপত্তা বাহিনীৰ সদস্য। ইৰাণৰ উচ্চতম নেতা আলী খামেনেই অশান্তি আৰম্ভ হোৱাৰ পিছত প্ৰথম ভাষণত প্ৰতিবাদকাৰীসকলক “সংঘৰ্ষকাৰী” বুলি উল্লেখ কৰে।

ইৰাণ ইণ্টাৰনেশ্যনেলৰ এক প্ৰতিবেদন অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউমেন ৰাইটছ এক্টিভিষ্ট নিউজ এজেন্সী (এইচআৰএএনএ) য়ে প্ৰকাশ কৰা অনুসৰি ইৰাণত সাত দিনীয়া দেশজোৰা প্ৰতিবাদৰ সময়ত কমেও ১৫ জন প্ৰতিবাদকাৰী আৰু এজন নিৰাপত্তা বাহিনীৰ সদস্য নিহত হৈছে। প্ৰতিবেদনত কোৱা হৈছে যে দেশৰ ৩১খন প্ৰদেশৰ ভিতৰত ২৫খন চহৰৰ ৬০খন চহৰৰ ১৭৪টা স্থানত প্ৰতিবাদ, ধৰ্মঘট বা সমাৱেশ সংঘটিত হৈছে। বৃহৎ সংখ্যক নাবালককে ধৰি কমেও ৫৮২জন প্ৰতিবাদকাৰীক আটক কৰা হয়। ইৰাণ ইণ্টাৰনেশ্যনেলে নিশ্চিত কৰিছে যে প্ৰতিবাদৰ সময়ত ইৰাণ বাহিনীৰ সজীৱ গুলীত কমেও ৪৪ জন লোক আহত হৈছে।

ইৰাণৰ উচ্চতম নেতা আলী খামেনেই শনিবাৰে অশান্তি আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজহুৱা ভাষণত প্ৰতিবাদকাৰীসকলক “সংঘৰ্ষকাৰী” বুলি অভিহিত কৰি তেওঁলোকক দমনৰ আহ্বান জনায়। ৰাষ্ট্ৰসংঘত আমেৰিকাৰ ৰাষ্ট্ৰদূত মাইক ৱাল্টজে কয় যে আমেৰিকা আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে স্বাধীনতাপ্ৰেমী ইৰাণীসকলৰ সৈতে দৃঢ়তাৰে থিয় দিছে।

ইৰাণত মানৱ অধিকাৰ সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিবেদক মাই সাটোৱে ইৰাণৰ কৰ্তৃপক্ষক মত প্ৰকাশৰ স্বাধীনতা আৰু শান্তিপূৰ্ণভাৱে সমাৱেশৰ অধিকাৰক সন্মান জনোৱাৰ লগতে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে অত্যধিক বল প্ৰয়োগৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। ইফালে ইৰাণৰ ৰাজধানীত দুদিন আপেক্ষিকভাৱে শান্তিৰ অন্তত শুকুৰবাৰে নিশা তেহৰাণৰ পূব আৰু পশ্চিম জিলাত ৰাজপথলৈ ওলাই আহিল প্ৰতিবাদকাৰীয়ে। পবিত্ৰ চহৰ মাছহাদ আৰু কুমতো একেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande