
গুৱাহাটী, ০৪ জানুৱাৰী (হি.স.)। গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অহা ১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত পৰম্পৰাগত বাগুৰুম্বা নৃত্যৰ এক ভৱ্য অনুষ্ঠান উদযাপন কৰা হ’ব। এই অনুষ্ঠানৰ সময়ত অসমৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা হ’ব।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি এটা ছ’চিয়েল মিডিয়া প’ষ্টত কয় যে চিৰাং জিলাত এই অনুষ্ঠানৰ প্রস্তুতি পূৰ্ণগতিত চলি আছে। এই বিশেষ অনুষ্ঠানৰ বাবে কাজলগাঁও আৰু বিজনী অঞ্চলৰ প্ৰায় ৬০০ নৃত্যশিল্পীয়ে অবিৰতভাৱে আখৰা কৰি আছে। সমন্বিত আৰু মনোমোহা উপস্থাপন নিশ্চিত কৰিবলৈ শিল্পীসকলে কঠোৰ পৰিশ্ৰম কৰি আছে।
এই সাংস্কৃতিক কাৰ্যসূচীয়ে প্ৰধানমন্ত্ৰীকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ আগত ৰাষ্ট্ৰীয় মঞ্চত অসমৰ জনজাতীয় পৰম্পৰা আৰু সাংস্কৃতিক বৈচিত্ৰ্যক প্ৰদৰ্শন কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ