জাবি এল’নছ’ৰ সৈতে চুক্তি বন্ধ ৰিয়েল মাদ্রিদে, আলভাৰো আৰ্বেল’য়াক নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি
মাদ্ৰিদ, ১৩ জানুৱাৰী (হি.স.)। স্পেইনৰ ফুটবল প্ৰধান ৰিয়েল মাদ্রিদে মুখ্য প্রশিক্ষক জাবি এল’নছ’ৰ পাৰস্পৰিক বিদায়ৰ কথা ঘোষণা কৰিছে ৷ সোমবাৰে এই কথা ঘোষণা কৰে ক্লাবটোৱে। ক্লাবটোৱে এল’নছ’ৰ ঠাইত কাষ্টিলা (বি দল)ৰ প্ৰশিক্ষক আলভাৰো আৰ্বেল’য়াক প্ৰথম দলৰ
मुख्य कोच ज़ाबी अलोंसो


মাদ্ৰিদ, ১৩ জানুৱাৰী (হি.স.)। স্পেইনৰ ফুটবল প্ৰধান ৰিয়েল মাদ্রিদে মুখ্য প্রশিক্ষক জাবি এল’নছ’ৰ পাৰস্পৰিক বিদায়ৰ কথা ঘোষণা কৰিছে ৷ সোমবাৰে এই কথা ঘোষণা কৰে ক্লাবটোৱে। ক্লাবটোৱে এল’নছ’ৰ ঠাইত কাষ্টিলা (বি দল)ৰ প্ৰশিক্ষক আলভাৰো আৰ্বেল’য়াক প্ৰথম দলৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে।

দেওবাৰে স্পেনিছ ছুপাৰ কাপৰ ফাইনেলত তীব্ৰ প্ৰতিদ্বন্দ্বী বাৰ্চিলোনাৰ বিৰুদ্ধে ২-৩ গ’লত পৰাস্ত হোৱাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে। বৰ্তমান লা লিগাৰ ৰেংকিঙত আগবাঢ়ি থকা বাৰ্চিলোনাৰ পৰা চাৰি পইণ্ট পিছ পৰি আছে ৰিয়েল মাদ্রিদ।

২০২৫ চনৰ ১ জুনত ৰিয়েল মাদ্রিদৰ দায়িত্ব লয় জাবি এল’নছ’ই।ইয়াৰ পূৰ্বে তেওঁৰ জাৰ্মান ক্লাব বেয়াৰ লেভাৰকুচেনৰ সৈতে তাৰকাময় কাৰ্যকাল আছিল, য’ত তেওঁ ২০২৩-২৪ ছিজনত ঘৰুৱা ডাবল (লীগ আৰু কাপ) জয় কৰিছিল আৰু দলটোক ইউৰোপা লীগৰ ফাইনেললৈ লৈ গৈছিল।

ৰিয়েল মাদ্রিদৰ সৈতে এল’নছ’ৰ আৰম্ভণিও আছিল আকর্ষণীয়৷ ক্লাব বিশ্বকাপৰ ছেমি ফাইনেললৈ দলটোক নেতৃত্ব দিয়াৰ পিছত পৰৱৰ্তী ১৪খন খেলৰ ভিতৰত ১৩খন খেলত জয়লাভ কৰে। এই সময়ছোৱাত একমাত্ৰ ডাঙৰ পৰাজয় আছিল এটলেটিকো মাদ্ৰিদৰ বিৰুদ্ধে ডাৰ্বিত।

কিন্তু ৪ নৱেম্বৰত লিভাৰপুলৰ বিৰুদ্ধে চেম্পিয়নছ লীগৰ পৰাজয়ৰ পিছত দলটোৰ প্ৰদৰ্শন হ্ৰাস পায়। ইয়াৰ পাছত ৰিয়েল মাদ্রিদে ৮খন মেচত মাত্ৰ দুটা জয়ৰ অভিলেখ গঢ়িছিল৷ যদিও এল’নছ’ৰ নেতৃত্বত পাঁচখন মেচৰ জয়ৰ ধাৰাবাহিকতাই কিছু সকাহ দিছিল, তথাপিও ক্লাব পৰিচালনা সমিতিক তেওঁক দীৰ্ঘম্যাদীভাৱে ধৰি ৰাখিবলৈ পতিয়ন নিয়াবলৈ ই যথেষ্ট নাছিল।

ইফালে, ক্লাবটোৱে কাষ্টিলাৰ প্ৰশিক্ষক আলভাৰো আৰ্বেল’য়াৰ ওপৰত বিশ্বাস ৰাখিছে আৰু তেওঁক ৰিয়েল মাদ্রিদৰ প্ৰথম দলৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে। আৰ্বেলোয়া এজন প্ৰাক্তন খেলুৱৈ আৰু ৰিয়েল মাদ্রিদৰ যুৱ গাঁথনি আৰু ক্লাব সংস্কৃতিৰ বিষয়ে গভীৰ বুজাবুজি আছে ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande