পেৰিছ এফ চিৰ বৃহৎ ওলট পালট– ডিফেণ্ডিং চেম্পিয়ন পি এছ জি ফ্ৰেন্স কাপৰ পৰা বাহিৰ
পেৰিছ, ১৩ জানুৱাৰী (হি.স.)। ফ্ৰান্সৰ ফুটবল কাপত এক বৃহৎ ওলট পালট হৈছে, কিয়নো পেৰিছ এফ চিয়ে ডিফেণ্ডিং চেম্পিয়ন আৰু ১৬বাৰৰ অভিলেখ সৃষ্টিকাৰী পেৰিছ ছেইণ্ট জাৰ্মেইন (পি এছ জি)ক ১-০ গ’লত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ লাষ্ট ১৬ত প্ৰৱেশ কৰে। সোমবাৰে নিশা পা
पेरिस एफसी और पीएसजी के बीच मैच का दृश्य


পেৰিছ, ১৩ জানুৱাৰী (হি.স.)। ফ্ৰান্সৰ ফুটবল কাপত এক বৃহৎ ওলট পালট হৈছে, কিয়নো পেৰিছ এফ চিয়ে ডিফেণ্ডিং চেম্পিয়ন আৰু ১৬বাৰৰ অভিলেখ সৃষ্টিকাৰী পেৰিছ ছেইণ্ট জাৰ্মেইন (পি এছ জি)ক ১-০ গ’লত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ লাষ্ট ১৬ত প্ৰৱেশ কৰে। সোমবাৰে নিশা পাৰ্ক ডেছ প্ৰিন্সেছ ষ্টেডিয়ামত অনুষ্ঠিত হয় এই খেলখন।

খেলখনৰ নায়ক আছিল পি এছ জি একাডেমীৰ প্ৰাক্তন খেলুৱৈ জনাথন ইকোনেন। তেওঁ বিকল্প হিচাপে খেলপথাৰৰ নামি অন্তিম ২০ মিনিটত বিজয়ী গ’লটো দি নিজৰ পূৰ্বৰ দলটোক স্তম্ভিত কৰি তুলিছিল। এই পৰাজয়ৰ লগে লগে পি এছ জিয়ে ২০২২ চনৰ পিছত ফ্ৰেন্স কাপত ঘৰুৱা প্ৰথমটো পৰাজয়ৰ সন্মুখীন হয়, আৰু ২০১৪ চনৰ পিছত লাষ্ট-৩২ পৰ্যায়ত প্ৰথমটো পৰাজয়ৰ সন্মুখীন হয়।

গ’ল দিয়াৰ পিছত ইকোনেনে ফ্ৰান্স টেলিভিছনক কয়, আমি অতি সুখী। আমি উজ্জ্বলভাৱে ডিফেণ্ড কৰিলোঁ। মই মোৰ গ'লত অত্যন্ত সন্তুষ্ট। মোৰ বাবে এইটো এটা সুখৰ মুহূৰ্ত আৰু মই আশা কৰিছো যে ই মোৰ শেষ মুহূৰ্ত নহ'ব।

খেলখনৰ পূৰ্বে পি এছ জিৰ প্ৰাক্তন অধিনায়ক মামাডু ছাকোৱে খেলপথাৰত অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। পেৰিছ এফ চি একাডেমীত কেৰিয়াৰ আৰম্ভ কৰা ছাকোৱে পিছলৈ পি এছ জিত যোগদান কৰে।

চলিত মাহৰ আৰম্ভণিতে পেৰিছ ডাৰ্বিতো দুয়োটা দলে মুখামুখি হৈছিল, যিটো ১৯৯০ চনৰ পিছত শীৰ্ষ বিভাগৰ প্ৰথমখন খেল। ইয়াৰ পিছত পি এছ জিয়ে কুৱেইটত পেনাল্টি শ্বুটআউটত মাৰ্চেইলক পৰাস্ত কৰি ফ্ৰেন্স চেম্পিয়নছ ট্ৰফী লাভ কৰে।

বিলাসী ব্ৰেণ্ড এল ভি এম এইচ আৰু ৰেড বুলৰ সমৰ্থিত নতুনকৈ প্ৰমোচন পোৱা পেৰিছ এফ চি বৰ্তমান লিগ ১ টেবুলত ১৫ নম্বৰ স্থানত আছে আৰু ৰেলিগেচন প্লে অফৰ স্থানৰ পৰা দুটা পইণ্ট ওপৰত আছে।

মেচখনৰ সন্দৰ্ভত প্ৰথমাৰ্ধত আধিপত্য বিস্তাৰ কৰিছিল পি এছ জিয়ে। জৰ্জিয়ান খ্ভিচা কোৱাৰাট্চখেলিয়াই কেইবাটাও সুযোগ সৃষ্টি কৰিলেও গ’ললৈ গ’ল দিব নোৱাৰিলে। হাফটাইমৰ পাঁচ মিনিট পূৰ্বে ইকোনেনৰ ঠাইত আলিমামি গ’ৰীয়ে পেৰিছ এফ চিৰ বাবে আৰম্ভণিৰ সৰ্বোত্তম সুযোগ আছিল।

দ্বিতীয়াৰ্ধৰ দশম মিনিটত পেৰিছ এফ চিৰ চেণ্টাৰ বেক মুস্তাফা ম্বোৰ দুৰ্বল পাছে পি এছ জিক ডাঙৰ সুযোগ দিছিল যদিও গ’লৰক্ষক ওবেদ নকাম্বেডিঅ’ই গ’নচালো ৰামোছৰ চমৎকাৰ শ্বটটো পাঞ্চ আউট কৰে।

খেলখনৰ অন্তিম ১৫ মিনিটত পি এছ জিয়ে হেঁচা প্ৰয়োগ কৰি থকাৰ সময়তে পেৰিছ এফ চিয়ে পাল্টা আক্ৰমণ আৰম্ভ কৰে আৰু ইকোনেনে এই সুযোগৰ মূলধন হিচাপে ব্যৱহাৰ কৰে। আঘাতৰ সময়ৰ ৭ মিনিটৰ ভিতৰতে ডিজায়াৰ ড’ৱেৰ হেডাৰে সমতা স্থাপনৰ ওচৰ চাপি অহাৰ বিপৰীতে ভিটিনহাৰ দীৰ্ঘ দূৰত্বৰ শ্বটৰ পৰা নকাম্বাডিঅ’ই এক উজ্জ্বল ছেভ কৰি নিজৰ দলৰ জয় নিশ্চিত কৰে।

এই ৰাউণ্ডৰ অন্তিমখন মেচত মাৰ্ছেইলে ষষ্ঠ বিভাগৰ দল বায়’ৰ বিৰুদ্ধে খেলিব। এই মেচখন নৰ্মাণ্ডীৰ কেনৰ ষ্টেড মিচেল-ডৰ্নানোত ভৰ্তি ঘৰৰ সন্মুখত অনুষ্ঠিত হ’ব। শতিকা পুৰণি টেপেষ্ট্ৰীৰ বাবে বিখ্যাত বায়ো হৈছে প্ৰতিযোগিতাখনত বাকী থকা আটাইতকৈ নিম্ন ৰেংকিঙৰ দল। এই মেচৰ পূৰ্বে ১৬ ৰাউণ্ডৰ ড্ৰ’ অনুষ্ঠিত হ’ব।

শনিবাৰে উলভছৰ প্ৰাক্তন প্ৰশিক্ষক গেৰী অ’নিলে চতুৰ্থ বিভাগৰ দল আভ্ৰাঞ্চছৰ বিৰুদ্ধে ৬-০ গ’লত পতিয়ন যোগ্য জয়ৰে ষ্ট্ৰাছবাৰ্গৰ নতুন প্ৰশিক্ষক হিচাপে নিজৰ কাৰ্যকাল আৰম্ভ কৰে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande