
মেলবৰ্ণ, ১৩ জানুৱাৰী (হি.স.)। অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দলৰ অধিনায়ক তথা কিংবদন্তি উইকেটকীপাৰ-বেটছমেন এলিছা হিলীয়ে ভাৰতৰ বিৰুদ্ধে আগন্তুক ঘৰুৱা মাল্টি ফৰ্মেট শৃংখলাৰ পিছত (ফেব্ৰুৱাৰী-মাৰ্চ) আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সকলো ধৰণৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। এই শৃংখলাৰ টি-২০ত অংশগ্ৰহণ নকৰিলেও এদিনীয়া আৰু পাৰ্থত অনুষ্ঠিত হ’বলগীয়া একমাত্ৰ দিনৰ নিশাৰ টেষ্ট মেচত অষ্ট্ৰেলিয়াৰ অধিনায়ক হিচাপে কাম কৰিব।
২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাবে প্ৰস্তুতি চলাবলৈ হিলীয়ে টি-২০ৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লৈছে। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন উইকেটকীপাৰ ইয়ান হিলীৰ ভতিজী এলিছা হিলীয়ে ২০১০ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে ১৯ বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়। কেৰিয়াৰৰ শেষলৈকে তেওঁ অষ্ট্ৰেলিয়াৰ হৈ ১৬২খন টি-২০, ১২৬খন এদিনীয়া, আৰু ১১খন টেষ্ট মেচ খেলিব। টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১২৬টা ডিছমিছলৰ অভিলেখ গঢ়িছে।
মেগ লেনিঙৰ অৱসৰৰ পিছত ২০২৩ চনত অষ্ট্ৰেলিয়াৰ পূৰ্ণকালীন অধিনায়কত্ব গ্ৰহণ কৰিছিল এলিছা হিলীয়ে। অধিনায়ক হিচাপে তেওঁৰ আটাইতকৈ ডাঙৰ কৃতিত্ব আছিল ইংলেণ্ডৰ বিৰুদ্ধে এছেছৰ ঐতিহাসিক ১৬-০ ব্য়ৱধানত ক্লীন ছুইপ। তেওঁৰ নেতৃত্বত অষ্ট্ৰেলিয়াই ২০২৪ চনৰ মহিলা টি-২০ বিশ্বকাপ আৰু ২০২৫ চনৰ মহিলা এদিনীয়া বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে।
মহিলা ক্ৰিকেটৰ অন্যতম বিস্ফোৰক বেটছমেন আৰু অসাধাৰণ উইকেটকীপাৰ হিচাপে গণ্য কৰা এলিছা হিলীয়ে আইচিচিৰ আঠটা বিশ্বকাপ বিজয়ী অভিযান (ছটা টি-২০ আৰু দুখন এদিনীয়া)ৰ অংশ হৈ আহিছে। বিশ্বকাপৰ ফাইনেলত সৰ্বাধিক ব্যক্তিগত স্ক’ৰ আৰু মহিলা টি-২০ত উইকেটকীপাৰে সৰ্বাধিক আউট কৰাকে ধৰি কেইবাটাও অভিলেখ গঢ়িছে। ২০২২ চনৰ কমনৱেলথ গেমছত অষ্ট্ৰেলিয়াৰ স্বৰ্ণ পদক বিজয়ী দলৰ সদস্য আছিল।
ব্যক্তিগত বঁটাৰ ক্ষেত্ৰত হিলীয়ে ২০১৯ চনত বেলিণ্ডা ক্লাৰ্ক বঁটা লাভ কৰিছিল, আৰু ২০১৮ আৰু ২০১৯ চনত আইচিচিৰ মহিলা টি-২০আই ক্ৰিকেটাৰ হিচাপেও সন্মানিত হৈছিল।
ঘৰুৱা ক্ৰিকেটত এলিছা হিলীয়ে মহিলা বিগ বেছ লীগৰ ১১টা ছিজনত ছিডনী ছিক্সাৰছক প্ৰতিনিধিত্ব কৰি ৩ হাজাৰতকৈ অধিক ৰান সংগ্ৰহ কৰি দুটা খিতাপ দখল কৰে। ইয়াৰ উপৰিও মহিলা প্ৰিমিয়াৰ লীগত দুটা ছিজন খেলি ইউ পি ৱাৰিয়ৰ্ছৰ অধিনায়কত্বও আছিল।
অৱসৰৰ কথা ঘোষণা কৰি এলিছা হিলীয়ে এক আনুষ্ঠানিক বিবৃতিত কয় যে, মিশ্ৰিত আৱেগেৰে মই ঘোষণা কৰিছো যে ভাৰতৰ বিৰুদ্ধে আগন্তুক শৃংখলাখন অষ্ট্ৰেলিয়াৰ হৈ মোৰ শেষ শৃংখলা হ'ব। মই এতিয়াও মোৰ দেশৰ হৈ খেলি ভাল পাওঁ, কিন্তু ইমান বছৰে মোক আগুৱাই নিয়াৰ প্ৰতিযোগিতামূলক প্ৰান্ত এতিয়া একে নহয়। মই অনুভৱ কৰোঁ যে এইটো সঠিক সময়।
তেওঁ লগতে কয় যে, মই এইবাৰৰ টি-২০ বিশ্বকাপৰ অংশ নহ'ম আৰু দলটোৰ সীমিত প্ৰস্তুতিৰ বাবে ভাৰতৰ বিৰুদ্ধে টি-২০ মেচতো খেলিব নোৱাৰিম। কিন্তু ঘৰুৱা ক্ষেত্ৰত এদিনীয়া আৰু টেষ্ট দলৰ অধিনায়ক হিচাপে মোৰ কেৰিয়াৰ শেষ কৰাটো মোৰ বাবে বিশেষ হ'ব।
ক্ৰিকেট অষ্ট্ৰেলিয়াৰ চিইঅ’ টড গ্ৰীনবাৰ্গে এলিছা হিলীক “সৰ্বকালৰ মহান” বুলি অভিহিত কৰি মহিলা ক্ৰিকেটত তেওঁৰ প্ৰভাৱৰ প্ৰশংসা কৰি কয় যে তেওঁৰ অৱদান খেলপথাৰৰ ভিতৰত আৰু বাহিৰত অমূল্য।
हिन्दुस्थान समाचार / Manoj Kumar Saikia