
ভুৱনেশ্বৰ, ১১ জানুৱাৰী (হি.স.)। ওড়িছাৰ ৰৌৰকেলাৰ সমীপত শেহতীয়াকৈ এখন সৰু চাৰ্টাৰ বিমান জৰুৰীকালীন অৱতৰণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয়। অৱশ্যে ইয়াত থকা ছয়জন যাত্ৰী (চাৰিজন যাত্ৰী আৰু দুজন ক্ৰু মেম্বাৰ) নিৰাপদে ৰক্ষা পৰে আৰু তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি কোৱা হৈছে। দেওবাৰে পুৱা ওড়িশা অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে প্ৰকাশ কৰা এক আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তি অনুসৰি এজন যাত্ৰীক নিকট চিকিৎসা পৰ্যবেক্ষণত ৰখা হৈছে।
প্ৰেছ বিজ্ঞপ্তি অনুসৰি মুখ্যমন্ত্ৰীৰ সামগ্ৰিক তত্বাৱধানত বাণিজ্য আৰু পৰিবহণ বিভাগ আৰু অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে ভাৰত চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিমান সংস্থাৰ সৈতে নিৰৱচ্ছিন্ন সমন্বয় আৰু সহযোগিতাৰ জৰিয়তে পৰিস্থিতিৰ সমাধানৰ বাবে কাম কৰি আছে।
তদন্তকাৰী দল আৰু চিকিৎসা বিশেষজ্ঞসকলক দ্ৰুতভাৱে নিয়োগ কৰাৰ বাবে ৰাজ্য চৰকাৰে ব্যাপক সহায় সহযোগ আগবঢ়াইছে। তদন্তকাৰী দল আৰু জ্যেষ্ঠ চিকিৎসকক ৰৌৰকেলালৈ লৈ যোৱাৰ বাবে এখন ৰাজ্যিক হেলিকপ্টাৰ নিয়োগ কৰা হৈছে।’ ইয়াৰ উপৰিও অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ বিষয়াসকলে ৰৌৰকেলাত শিবিৰ পাতি জিলা প্ৰশাসনক মাটিত প্ৰয়োজনীয় সকলো সহায় আগবঢ়াইছে।
প্ৰেছ বিজ্ঞপ্তি অনুসৰি বাণিজ্য আৰু পৰিবহণ বিভাগৰ প্ৰধান সচিবক সমগ্ৰ অভিযানৰ সমন্বয় আৰু নিৰীক্ষণৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
শেহতীয়া স্বাস্থ্য বুলেটিনত উল্লেখ কৰা হৈছে যে সকলো যাত্ৰী সুৰক্ষিত আৰু সুস্থিৰ। এজন যাত্ৰী অহৰহ আৰু নিকট চিকিৎসা পৰ্যবেক্ষণৰ অধীনত আছে। বিশেষজ্ঞ চিকিৎসা, নিৰন্তৰ তত্বাৱধান, আৰু নিৰীক্ষণ নিশ্চিত কৰিবলৈ ভুৱনেশ্বৰৰ জ্যেষ্ঠ বিশেষজ্ঞ চিকিৎসককো ৰৌৰকেলালৈ প্ৰেৰণ কৰা হৈছে।
বিমান দুৰ্ঘটনা তদন্ত ব্যুৰোৱে (এএআইবি) চলাই থকা তদন্তত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ নিশ্চয়তা প্ৰদান কৰি ওড়িশা চৰকাৰে ক্ষতিগ্ৰস্তসকলক উত্তম চিকিৎসা সেৱা আৰু উচ্চতম সুৰক্ষা মানদণ্ড প্ৰদানৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া