
উজ্জয়িনী, ১১ জানুৱাৰী (হি.স.)। প্ৰখ্যাত চলচ্চিত্ৰ অভিনেত্ৰী শিল্পা শ্বেট্টী আৰু শমিতা শ্বেট্টীয়ে মধ্যপ্ৰদেশৰ উজ্জয়িনীস্থিত ভগৱান মহাকালেশ্বৰ জ্যোতিৰ্লিংগৰ দৰ্শন কৰি শায়ন আৰতিত অংশগ্ৰহণ কৰে।
মন্দিৰত উপস্থিত হোৱাৰ লগে লগে শ্ৰী মহাকালেশ্বৰ মন্দিৰ পৰিচালনা সমিতিৰ হৈ সহকাৰী প্ৰশাসক হিমাংশু কাঠমিস্ত্ৰীয়ে শিল্পা আৰু শমিতাক আদৰণি জনায়। নন্দি হলত বহি বাবা বাবাৰ দৰ্শন কৰি মহাকাল আৰতিত অংশগ্ৰহণ কৰে অভিনেত্ৰী দুগৰাকীয়ে। হাত জোৰ কৰি ওম নম শিৱয় আৰু জয় শ্ৰী মহাকালৰ জপ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া