ওড়িশাৰ ৰৌৰকেলাত ৯ জনীয়া চাৰ্টাৰ বিমান দুৰ্ঘটনাত ৬ জন লোক আহত
ভুৱনেশ্বৰ, ১০ জানুৱাৰী (হি.স.)। ওড়িশাৰ ৰৌৰকেলা চহৰৰ ৰঘুনাথপালি অঞ্চলৰ ঝুলা এ ব্লকৰ সমীপত শনিবাৰে এখন সৰু চাৰ্টাৰ বিমান অৱতৰণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত মুঠ ৬ জন লোক আহত হয়। পৰিবহণ মন্ত্ৰী বিভুতি জেনাই উল্লেখ কৰে যে দুৰ্ঘটনাগ্ৰস্ত বিমা
ওড়িশাৰ ৰৌৰকেলাত ৯ জনীয়া চাৰ্টাৰ বিমান দুৰ্ঘটনাত ৬ জন লোক আহত


ভুৱনেশ্বৰ, ১০ জানুৱাৰী (হি.স.)। ওড়িশাৰ ৰৌৰকেলা চহৰৰ ৰঘুনাথপালি অঞ্চলৰ ঝুলা এ ব্লকৰ সমীপত শনিবাৰে এখন সৰু চাৰ্টাৰ বিমান অৱতৰণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত মুঠ ৬ জন লোক আহত হয়।

পৰিবহণ মন্ত্ৰী বিভুতি জেনাই উল্লেখ কৰে যে দুৰ্ঘটনাগ্ৰস্ত বিমানখন ৯ জনীয়া বিমান আৰু ভুৱনেশ্বৰৰ পৰা ৰৌৰকেলালৈ গৈ আছিল। বিমানখনত চাৰিজন যাত্ৰী আৰু দুজন ক্ৰু মেম্বাৰ আছিল। আহত যাত্ৰী দুজন হৈছে সুশান্ত কুমাৰ বিশ্বল, অনিতা সাহু, সুনীল আগৰৱালা, আৰু সবিতা আগৰৱালা। ক্ৰু সদস্যসকলৰ ভিতৰত আছে কেপ্তেইন নবীন কদাংগা আৰু কেপ্তেইন তৰুণ শ্ৰীবাস্তৱ।

দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। আহত আটাইকেইজনকে নিৰাপদে উলিয়াই নি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত তেওঁলোকে চিকিৎসা গ্ৰহণ কৰি আছে।

কি পৰিস্থিতিৰ বাবে ক্ৰেচ লেণ্ডিং হৈছিল সেয়া বৰ্তমান স্পষ্ট হোৱা নাই। এই দুৰ্ঘটনাৰ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ প্ৰশাসন আৰু সংশ্লিষ্ট সংস্থাই তদন্ত আৰম্ভ কৰিছে।

বিমান দুৰ্ঘটনাক লৈ গভীৰ দুখ প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী মোহন মাঝিয়ে। তেওঁ ছ’চিয়েল মিডিয়াৰ জৰিয়তে কয় যে, ভগৱান জগন্নাথৰ কৃপাত সকলো যাত্ৰী সুৰক্ষিত, যিটো অতি সকাহৰ বিষয়।

এই দুৰ্ঘটনাত আহতসকলক শীঘ্ৰে উত্তম চিকিৎসা সেৱাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। তেওঁ কয় যে তেওঁ ব্যক্তিগতভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি আছে যাতে কোনো চিকিৎসা সাহায্য যাতে অনাদৃত হৈ নাথাকে। লগতে মুখ্যমন্ত্রী মোহন মাঝিয়ে ভগৱান জগন্নাথৰ ওচৰত আটাইকেইজন আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande