আজিৰে পৰা প্ৰধানমন্ত্ৰী মোদীৰ তিনিদিনীয়া গুজৰাট ভ্ৰমণ; সোমনাথত পূজা অৰ্চনাৰ পিছত ৰাজকোট আৰু আহমেদাবাদ পৰিভ্ৰমণ
সোমনাথ, ১০ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ গৃহ ৰাজ্য গুজৰাটলৈ তিনিদিনীয়া ভ্ৰমণলৈ ওলাইছে। ১০ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈ চলিবলগীয়া এই ভ্ৰমণৰ সময়ত তেওঁ সোমনাথ, ৰাজকোট, আহমেদাবাদ, আৰু গান্ধীনগৰত কেইবাটাও গুৰুত্বপূৰ্ণ ধৰ্মীয়,
प्रधानमंत्री नरेंद्र मोदी


সোমনাথ, ১০ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ গৃহ ৰাজ্য গুজৰাটলৈ তিনিদিনীয়া ভ্ৰমণলৈ ওলাইছে। ১০ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈ চলিবলগীয়া এই ভ্ৰমণৰ সময়ত তেওঁ সোমনাথ, ৰাজকোট, আহমেদাবাদ, আৰু গান্ধীনগৰত কেইবাটাও গুৰুত্বপূৰ্ণ ধৰ্মীয়, সাংস্কৃতিক, উদ্যোগিক আৰু আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

১০ জানুৱাৰীত সোমনাথত আধ্যাত্মিক সন্ধিয়াত অংশগ্ৰহণ

১০ জানুৱাৰীৰ সন্ধিয়া সোমনাথত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী। তেওঁ সোমনাথ মন্দিৰ ন্যাসৰ এখন বৈঠকৰ সভাপতিত্ব কৰিব। ইয়াৰ পিছত তেওঁ নিশা প্ৰায় ৮ বজাত ঔংকাৰ মন্ত্ৰ জপত অংশগ্ৰহণ কৰি মন্দিৰ পৰিসৰত অনুষ্ঠিত এক গ্ৰেণ্ড ড্ৰোন শ্ব' পৰ্যবেক্ষণ কৰিব।

১১ জানুৱাৰীঃ শৌৰ্য্য যাত্ৰাত অংশগ্ৰহণ, সোমনাথত পূজা অৰ্চনা

১১ জানুৱাৰীৰ পুৱা প্ৰায় ৯:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে শৌৰ্য্য যাত্ৰাত অংশগ্ৰহণ কৰিব। সোমনাথ মন্দিৰ ৰক্ষা কৰি প্ৰাণ আহুতি দিয়া বীৰ যোদ্ধাসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এই যাত্ৰা উলিওৱা হয়। ইয়াৰ পিছতে প্ৰায় ১০:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে সোমনাথ মন্দিৰত উপস্থিত হৈ প্ৰাৰ্থনা কৰিব।

ৰাজকোটত সজীৱ গুজৰাট আঞ্চলিক সন্মিলন

সোমনাথৰ অনুষ্ঠানৰ পিছত প্ৰধানমন্ত্ৰীয়ে ৰাজকোটলৈ যাব, য’ত তেওঁ কুচ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বাবে অনুষ্ঠিত হ’বলগীয়া ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলনত অংশগ্ৰহণ কৰিব। দুপৰীয়া প্ৰায় ১:৩০ বজাত তেওঁ ট্ৰেড শ্ব’ আৰু প্ৰদৰ্শনী উদ্বোধন কৰিব। ইয়াৰ পিছতে মাৰোৱাৰী বিশ্ববিদ্যালয়ত বিয়লি ২ বজাত সন্মিলনখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ লগতে ৰাজহুৱা সমাৱেশত ভাষণ দিব।

আহমেদাবাদত মেট্ৰ’ উদ্বোধনী অনুষ্ঠান

ৰাজকোটৰ পৰা আহমেদাবাদত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী। সন্ধিয়া প্ৰায় ৫:১৫ বজাত তেওঁ মহাত্মা মন্দিৰ মেট্ৰ’ ষ্টেচনত ১০ এ ছেক্টৰৰ পৰা মহাত্মা মন্দিৰলৈকে দ্বিতীয় পৰ্যায়ৰ আহমেদাবাদ মেট্ৰ’ৰ বাকী থকা অংশটো উদ্বোধন কৰিব।

১২ জানুৱাৰী : জাৰ্মান চ্যান্সেলৰৰ সৈতে দ্বিপাক্ষিক বৈঠক

প্ৰধানমন্ত্ৰী মোডীৰ আমন্ত্ৰণত জাৰ্মানীৰ চ্যান্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জে অহা ১২ আৰু ১৩ জানুৱাৰীত আনুষ্ঠানিক ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰিব। মোদীয়ে তেওঁৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব।

সাবৰমতী আশ্ৰম আৰু চিলা মহোৎসৱ:

১২ জানুৱাৰীত প্ৰায় ৯:৩০ বজাত প্ৰধানমন্ত্ৰী আৰু জাৰ্মান চ্যান্সেলৰে সাবৰমতী আশ্ৰম পৰিদৰ্শন কৰিব। ইয়াৰ পিছতে পুৱা ১০ বজাত দুয়োজন নেতাই সাবৰমতী ৰিভাৰফ্ৰন্টত অনুষ্ঠিত হৈ থকা আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱত অংশগ্ৰহণ কৰিব।

পুৱা ১১:১৫ বজাৰ পৰা গান্ধীনগৰৰ মহাত্মা মন্দিৰত প্ৰধানমন্ত্ৰী মোডী আৰু জাৰ্মান চ্যান্সেলৰৰ মাজত দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হ’ব। এই বৈঠকত ভাৰত-জাৰ্মান কৌশলগত অংশীদাৰিত্বৰ ২৫ বছৰীয়া জয়ন্তীৰ পিছত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰা হ’ব আৰু বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, শিক্ষা, প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ দৰে মূল বিষয়সমূহৰ ওপৰতো চৰ্চা কৰা হ’ব। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ গুজৰাট আৰু দেশ উভয়ৰে বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande