ঝাৰখণ্ডঃ পথৰ দাঁতিত ৰখাই থোৱা ট্ৰাকত খুণ্ডিয়াই স্কুটি আৰোহী তিনিজন যুৱক নিহত, আহত ১
ইষ্ট সিংভূম, ১০ জানুৱাৰী (হি.স.)। পশ্চিমবংগৰ পূব সিংভূম জিলাৰ মুছাবানি থানা এলেকাৰ অন্তৰ্গত সুৰদাত শুকুৰবাৰে নিশা সংঘটিত পথ দুৰ্ঘটনাত তিনিজন যুৱকৰ থিতাতে মৃত্যু হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়। সুৰদাৰ ইউনিয়ন বেংকৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটোত
मृतक


ইষ্ট সিংভূম, ১০ জানুৱাৰী (হি.স.)। পশ্চিমবংগৰ পূব সিংভূম জিলাৰ মুছাবানি থানা এলেকাৰ অন্তৰ্গত সুৰদাত শুকুৰবাৰে নিশা সংঘটিত পথ দুৰ্ঘটনাত তিনিজন যুৱকৰ থিতাতে মৃত্যু হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়। সুৰদাৰ ইউনিয়ন বেংকৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটোত এখন স্কুটিৰে অহা চাৰিজন যুৱকে পথৰ দাঁতিত ৰখাই থোৱা এখন ট্ৰাকৰ সৈতে খুন্দা মাৰে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে স্কুটিখনৰ লগতে আটাইকেইজন যুৱকে ট্ৰাকৰ তলত থেতেলিয়াই পেলায়।

লাভ কৰা তথ্য অনুসৰি ঘটছিলা থানা এলেকাৰ জগন্নাথপুৰৰ নিবাসী ৰাহুল কৰ্মকাৰে দিনৰ ভাগত সুৰদাস্থিত শহুৰেকৰ ঘৰলৈ গৈছিল দুই ভাতৃ ৰোহিত কৰ্মকাৰ আৰু সমীৰ কৰ্মকাৰ আৰু ভতিজা ৰাজ গোপৰ সৈতে। শুকুৰবাৰে নিশা চাৰিওজনে একেখন স্কুটিৰে সুৰদাৰ পৰা জগন্নাথপুৰলৈ ঘৰলৈ উভতি আহিছিল। আন্ধাৰৰ বাবে সুৰদা ইউনিয়ন বেংকৰ সমীপত পথৰ দাঁতিত ৰখাই থোৱা এখন ট্ৰাক দেখা নোপোৱাক স্কুটাৰখনে তীব্ৰ জোৰেৰে খুন্দা মাৰে।

এই ঘটনাত থিতাতে মৃত্যু হয় ৰোহিত কৰ্মকাৰ (২১), সমীৰ কৰ্মকাৰ (১৮), আৰু ৰাজ গোপ (১৭)ৰ। গুৰুতৰভাৱে আহত ৰাহুল কৰ্মকাৰ (২৬)। স্থানীয় লোকৰ সহায়ত ৰাহুলক লগে লগে ঘাটছিলা মহকুমা চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰাৰ পিছত সংকটজনক অৱস্থাৰ বাবে তেওঁক জামছেদপুৰৰ এম জি এম হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ঘাটচিলা আৰু মুছাবানি থানাৰ আৰক্ষীয়ে ঘাটচিলা মহকুমা চিকিৎসালয়ত উপস্থিত হৈ ঘটনা সন্দৰ্ভত সোধা-পোছা কৰে।

দুৰ্ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে জগন্নাথপুৰৰ লগতে দাঁতিকাষৰীয়া গাঁৱৰ পৰা বৃহৎ সংখ্যক গাঁওবাসীয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। খবৰ অনুসৰি ৰোহিত আৰু ৰাহুলে বিবাহপাশত আবদ্ধ হৈ ঘাটচিলা অঞ্চলত পুটি শ্ৰমিক হিচাপে কাম কৰি পৰিয়াল পোহপাল দিছিল।

আৰক্ষীয়ে মৃতদেহ তিনিটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু দুৰ্ঘটনাৰ কাৰণৰ তদন্ত অব্যাহত আছে। এই শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ পৰিৱেশ বিয়পি পৰিছে ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande