
জয়পুৰ, ১০ জানুৱাৰী (হি.স.)। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে শনিবাৰে যোধপুৰ আৰু জয়পুৰত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । যোধপুৰৰ পলিটেকনিক মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা মহেশ্বৰী গ্ল’বেল কনভেনশ্যনত তেওঁ এখন ৰাজহুৱা সভাত ভাষণ দিব। ইয়াৰ পিছতে জয়পুৰৰ ৰাজস্থান পুলিচ একাডেমী (আৰ পি এ)ত ১০ হাজাৰ আৰক্ষী কনিষ্টবলক নিযুক্তি পত্ৰ প্ৰদান কৰিব।
শুকুৰবাৰে গভীৰ নিশা যোধপুৰত উপস্থিত হয় কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা। প্ৰায় ১২:৩০ বজাত অমিত শ্বাহক যোধপুৰ বায়ুসেনা ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই আদৰণি জনায়। বায়ুসেনা ষ্টেচনত কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত, সংসদীয় পৰিক্ৰমা মন্ত্ৰী যোগৰাম পেটেল, ৰাজ্যসভাৰ সাংসদ ৰাজেন্দ্ৰ গেহলট, পশু কল্যাণ ব’ৰ্ডৰ অধ্যক্ষ যশৱন্ত সিং বিষ্ণোই, চহৰৰ বিধায়ক অতুল ভাঞ্চালী, সুৰসাগৰৰ বিধায়ক দেৱেন্দ্ৰ যোশী, শ্বেৰগড়ৰ বিধায়ক বাবু সিং ৰাথোৰ, বিজেপিৰ জিলা সভাপতি ৰাজেন্দ্ৰ পালিৱাল, আৰু কেইবাগৰাকীও জনপ্ৰতিনিধিয়ে গৃহমন্ত্ৰীক আদৰণি জনায়।
আজি যোধপুৰত অনুষ্ঠিত হৈ থকা ‘মহেশ্বৰী গ্ল’বেল কনভেনচন’ত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাই। তদুপৰি শনিবাৰে জয়পুৰৰ ৰাজস্থান আৰক্ষী একাডেমীত আয়োজিত এক অনুষ্ঠানত ৰাজস্থান আৰক্ষীৰ ১০ হাজাৰ নতুনকৈ নিৰ্বাচিত কনিষ্টবলক নিযুক্তি পত্ৰ বিতৰণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া