পাকিস্তানৰ পৰা ড্ৰ’ন যোগে নিক্ষেপ কৰা অস্ত্ৰৰ চালান উদ্ধাৰ; অনুসন্ধান কাৰ্য্য অব্যাহত
জম্মু, ১০ জানুৱাৰী (হি.স.)। জম্মু সংমণ্ডলৰ ছাম্বা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৰ এটা ফৰৱাৰ্ড এলেকাৰ পৰা পাকিস্তানৰ পৰা ড্ৰ’ন যোগে নিক্ষেপ কৰা অস্ত্ৰৰ চালান উদ্ধাৰ কৰা হৈছে। সন্ত্ৰাসবাদীয়ে আগন্তুক গণৰাজ্য দিৱস উদযাপনত ব্যাঘাত জন্মাবলৈ কৰা যি
अंतरराष्ट्रीय सीमा के पास एक अग्रिम क्षेत्र से पाकिस्तान से ड्रोन द्वारा गिराई गई हथियारों की खेप बरामद


জম্মু, ১০ জানুৱাৰী (হি.স.)। জম্মু সংমণ্ডলৰ ছাম্বা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৰ এটা ফৰৱাৰ্ড এলেকাৰ পৰা পাকিস্তানৰ পৰা ড্ৰ’ন যোগে নিক্ষেপ কৰা অস্ত্ৰৰ চালান উদ্ধাৰ কৰা হৈছে।

সন্ত্ৰাসবাদীয়ে আগন্তুক গণৰাজ্য দিৱস উদযাপনত ব্যাঘাত জন্মাবলৈ কৰা যিকোনো প্ৰচেষ্টাক বিফল কৰাৰ বাবে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থাৰ মাজতে দুটা পিষ্টল, তিনিটা মেগজিন, ১৬টা গুলী আৰু এটা গ্ৰেনেডকে ধৰি এই চালানটো উদ্ধাৰ কৰা হৈছে।

সীমান্তৰ সিপাৰৰ পৰা সন্দেহজনক ড্ৰ’ন কাৰ্যকলাপৰ তথ্য লাভ কৰি শুকুৰবাৰে গভীৰ নিশা ঘগোৱালৰ পালোৰা গাঁৱত সীমান্ত সুৰক্ষা বাহিনী আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযান গোটৰ যৌথ দলে তালাচী অভিযান আৰম্ভ কৰে। বিষয়াসকলে জনোৱা মতে, অনুসন্ধানকাৰী দলটোৱে এটা নলাৰ পাৰত হালধীয়া টেপেৰে মেৰিয়াই থোৱা এটা টোপোলা উদ্ধাৰ কৰে, যিটো নলাটো বোমা নিষ্কাশন দলৰ সহায়ত মুকলি কৰা হয়, যাৰ ফলত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হয়। বৰ্তমান অঞ্চলটোত তালাচী অভিযান অব্যাহত আছে বুলি জানিবলৈ দিয়ে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande