অলংকাৰ বজাৰত সোণৰ চমক হ্ৰাস, ৰূপ অপৰিৱৰ্তিত
নতুন দিল্লী, ২৬ ছেপ্টেম্বৰ (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত আজি একেৰাহে দ্বিতীয় দিনলৈ হ্ৰাস পাইছে সোণৰ মূল্য। অৱশ্যে ৰূপৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। আজিৰ ব্যৱসায়ত সোণৰ মূল্য ৮৫০ টকাৰ পৰা ৯৩০ টকালৈ সস্তা হৈছে। দাম কোমল হোৱাৰ বাবে দেশৰ অধিকাংশ অলংকাৰ
सर्राफा बाजार में सोेने की घटी चमक


নতুন দিল্লী, ২৬ ছেপ্টেম্বৰ (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত আজি একেৰাহে দ্বিতীয় দিনলৈ হ্ৰাস পাইছে সোণৰ মূল্য। অৱশ্যে ৰূপৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। আজিৰ ব্যৱসায়ত সোণৰ মূল্য ৮৫০ টকাৰ পৰা ৯৩০ টকালৈ সস্তা হৈছে। দাম কোমল হোৱাৰ বাবে দেশৰ অধিকাংশ অলংকাৰ বজাৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১৪,৪৩০ টকাৰ পৰা ১,১৪,৫৮০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণ আজি প্ৰতি ১০ গ্ৰামত ১,০৪,৮৯০ টকাৰ পৰা ১,০৫,০৪০ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে। ৰূপৰ অপৰিৱৰ্তিত মূল্যৰ বাবে এই চিকচিকিয়া ধাতুটো দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰাম ১,৩৯,৯০০ টকাত বিক্ৰী হৈছে।

দিল্লীত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১৪,৫৮০ টকা, আনহাতে ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,০৫,০৪০ টকা। দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,১৪,৪৩০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,০৪,৮৯০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত খুচুৰা মূল্য ১,১৪,৪৮০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ দৰ ১,০৪,৯৪০ টকা । এই বৃহৎ চহৰসমূহৰ উপৰিও চেন্নাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,১৪,৪৩০ টকা আৰু ২২ কেৰেটৰ সোণ ১,০৪,৮৯০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হৈছে। কলকাতাত ২৪ কেৰেটৰ সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,১৪,৪৩০ টকা আৰু ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,০৪,৮৯০ টকা।

লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,১৪,৫৮০ টকা আৰু ২২ কেৰেটৰ সোণ ১,০৫,০৪০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেটৰ সোণ ১,১৪,৪৮০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেটৰ সোণ ১,০৪,৯৪০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হৈছে। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,১৪,৫৮০ টকা আৰু ২২ কেৰেটৰ সোণ ১,০৫,০৪০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হৈছে।

দেশৰ আন ৰাজ্যৰ দৰে কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰতো সোণৰ মূল্য সস্তা হৈ পৰিছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১৪,৪৩০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণৰ বিক্ৰী প্ৰতি ১০ গ্ৰামত ১,০৪,৮৯০ টকাত বিক্ৰী হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande