ধিং আৰক্ষীৰ সফলতা, হেৰইন সহ আটক তিনিজন
ধিং আৰক্ষীৰ সফলতা, হেৰইন সহ আটক তিনিজনক।
ধিং আৰক্ষীৰ সফলতা, হেৰইন সহ আটক তিনিজন


নগাঁও, ০৮ ডিচেম্বৰ (হি.স.): নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে নগাঁও জিলাৰ ধিং আৰক্ষীয়ে লাভ কৰিছে বিষেষ সফলতা। যোৱাকালি দেওবাৰে বিয়লি হেৰ’ইন সহ আটক কৰা হয় তিনি জন লোকক।

ধিং আৰক্ষী থানা এলেকাধীন বেছামাৰীত অভিযান চলাই ড্ৰাগছ সৰবৰাহ কৰি থকা সময়ত হাতে লোটে তিনিজনক আটক কৰিবলৈ সক্ষম হয় ধিং আৰক্ষীয়ে। আটক হোৱা ড্ৰাগছ ব্যৱসায়ী কেইজনৰ নাম চামচুল হ'ক, চফিকুল ইছলাম আৰু চাহজাহান আলি বুলি জানিব পৰা গৈছে। ড্ৰাগছ ব্যৱসায়ী কেইজনৰ পৰা ৫২ টাকৈ সৰু ড্ৰাগছৰ কন্টেনৰ জব্দ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ ব্যৱসায়ী কেইজনক ইতিমধ্যে ধিং আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande