
গোৱালপাৰা, ০৮ ডিচেম্বৰ (হি.স.): গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ গোসাঁইডুবীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই সফলতা লাভ কৰে। অভিযানৰ সময়ত ৩৫.১৯ গ্ৰাম হেৰ'ইন সহ দুজন সৰবৰাহকাৰীক আটক কৰা হয়।
গোপন তথ্যৰ ভিত্তিত লক্ষীপুৰ আৰু ধুমেৰঘাট আৰক্ষীয়ে যোৱা কালি দেওবাৰে নিশাৰ ভাগত যৌথ অভিযান চলাইছিল। গোসাঁইডুবী হিন্দুপাৰা পকী ব্ৰিজৰ ওচৰৰ পৰা ২৩ টা কণ্টেনাৰত ৩৫.১৯ গ্ৰাম হেৰ'ইন সহ নগদ পাঁচ হেজাৰ টকা, এটা মোবাইল লগতে আহিদুল ইছলাম আৰু মহম আলী নামৰ দুজন সৰবৰাহকাৰীক আটক কৰে। জব্দ কৰা হেৰ'ইন খিনিৰ বজাৰ মূল্য ৪০ হেজাৰ টকা বুলি জনা যায় । ধৃত সৰবৰাহকাৰী আহিদুল ইছলামৰ ঘৰ জলেশ্বৰ সাতভেণ্ডী আৰু মহম আলীৰ ঘৰ গৌৰনগৰৰ শালধোৱা গাঁৱত বুলি কোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ