নিছা জাতীয় সামগ্ৰী সৰবৰাহত নামিল মৃত্যুঞ্জয় সেৱাৰ চালক
এইবাৰ মৃত্যুঞ্জয় সেৱাৰ চালক নামিল নিছা জাতীয় সামগ্ৰী সৰবৰাহত।
নিছা জাতীয় সামগ্ৰী সৰবৰাহত নামিল মৃত্যুঞ্জয় সেৱাৰ চালক


নগাঁও, ০৬ ডিচেম্বৰ (হি.স.): মৃত্যুঞ্জয় সেৱাৰ চালক নিছা জাতীয় সামগ্ৰী সৰবৰাহৰ ঘটনাত জড়িত হৈ পৰাৰ ঘটনা ধৰা পৰিছে। এই ঘটনাক লৈ ৰূপহী আৰক্ষী থানাৰ অন্তৰ্গত কদমগুৰিত ৰাইজৰ ৰোষত পৰে সৰবৰাহকাৰী। সৰবৰাহকাৰীটোৰ নাম আখিলুজ জামান বুলি জনা গৈছে।

উল্লেখ্য যে ধৃত আখিলুজ জামানে আগদিনা নিযুক্তি লাভ কৰিছিল কাৱৈমাৰী এফ আৰ ইউত মৃত্যুঞ্জয় সেৱাৰ বাহন চালক হিচাপে। যোৱা কালি শুকুবাৰে আবেলি ঘটনা স্থলীত কাৱৈমাৰী আৰক্ষী উপস্থিত হৈ জব্দ কৰে সাত টাকৈ সন্দেহযুক্ত ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ সহ দহটাকৈ নিছা জাতীয় ঔষধৰ বটল। লগতে জব্দ কৰিছে চিকিৎসা বিভাগৰ পৰা প্ৰদান কৰা এটা মোবাইলো।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande