

গুৱাহাটী, ০৫ ডিচেম্বৰ (হি.স.)। গুৱাহাটী মহানগৰীৰ ওদালবাক্ৰা আৰক্ষী চকীৰ এটা দলে চুৰি কাণ্ডৰ সৈতে জড়িত তিনিটা কুখ্যাত চোৰক গ্ৰেপ্তাৰ কৰিছে। শুকুৰবাৰে আৰক্ষীয়ে জনোৱা মতে, দিছপুৰ থানাৰ ওদালবাক্ৰা আৰক্ষী আউটপোষ্টৰ এটা দলে জ্যোতিকুছিৰ লখৰাৰ পৰা দুজন কুখ্যাত চোৰক গ্ৰেপ্তাৰ কৰি চুৰিৰ গোচৰ এটা সমাধান কৰে।
ধৃত চোৰ দুটাৰ নাম আজহাৰ আলী ওৰফে বাবু (৪৫, দক্ষিন গাঁও) আৰু বিশাল বড়ো (২১, দক্ষিন গাঁও) বুলি জানিব পৰা গৈছে। জেৰাৰ সময়ত ধৃত অভিযুক্তই কেইবাটাও চুৰি কাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰি নিয়মিতভাৱে শংকৰ হোটেলৰ সমীপৰ ৰিচিভাৰত চুৰি সামগ্ৰী বিক্ৰী কৰিছিল।
তেওঁলোকৰ তথ্যৰ পিছতে জ্যোতিকুছিৰ কাজিমুদ্দিন এণ্টাৰপ্ৰাইজত অভিযান চলাই কাজিমুদ্দিন (৫০, মুকালমুৱা)ক গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা উদ্ধাৰ হৈছে চুৰি সামগ্ৰী।
অভিযানৰ সময়ত আৰক্ষীৰ দলটোৱে তাম আৰু এলুমিনিয়ামৰ তাঁৰ, জ্বলোৱা তামৰ তাঁৰ, টুইন ফ্লেট কেবল, দুটা মাৰ্বল কাটাৰ, এটা ইণ্ডেন চিলিণ্ডাৰ, অপৰাধত ব্যৱহৃত ই-ৰিক্সা, অপৰাধৰ সময়ত পিন্ধা কাপোৰ আদি উদ্ধাৰ কৰে। পূৰ্বে দাখিল কৰা এফআইআৰৰ ভিত্তিত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া