
অভিনেত্ৰী ৰশ্মিকা মণ্ডন্না আৰু বিজয় দেৱেৰাকোণ্ডা নিজৰ ব্যক্তিগত জীৱনৰ বাবে অহৰহ বাতৰিৰ শিৰোনাম। প্ৰথমতে তেওঁলোকৰ এংগেজমেণ্টৰ খবৰে অনুৰাগীৰ মাজত অপৰিসীম কৌতুহলৰ সৃষ্টি কৰিছিল, তাৰ পিছত কেইবাটাও বাতৰি প্ৰকাশ পাইছিল যে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত এই দম্পতীহালে বিবাহপাশত আবদ্ধ হ’ব পাৰে।এই উৰাবাতৰিয়ে ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছিল যদিও এতিয়া ৰশ্মিকাই নিজেই ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
ৰশ্মিকাৰ উত্তৰঃ এক সাক্ষাৎকাৰৰ সময়ত ৰশ্মিকাই বিবাহৰ উৰাবাতৰি সন্দৰ্ভত পোনপটীয়াকৈ মন্তব্য কৰাৰ পৰা বিৰত থাকে। উৰাবাতৰি নিশ্চিত বা অস্বীকাৰ কৰিবলৈ কোৱাত তাই হাঁহি হাঁহি কয়, মই বিবাহ নিশ্চিত বা অস্বীকাৰ কৰিব নিবিচাৰো। অনুৰাগীৰ সৈতে যিকোনো কথা শ্বেয়াৰ কৰাৰ আগতে মোক কিছু সময়ৰ প্ৰয়োজন। যেতিয়া সময় সঠিক হ'ব, আমি নিশ্চিতভাৱে এই বিষয়ে কথা পাতিম। তেওঁৰ সঁহাৰিয়ে উৰাবাতৰি সম্পূৰ্ণৰূপে খাৰিজ কৰা নাছিল আৰু নিশ্চিত কৰা নাছিল, যিয়ে অনুৰাগীৰ কৌতুহলত আৰু অধিক ইন্ধন যোগাইছিল।
এক খবৰ অনুসৰি ৰশ্মিকা আৰু বিজয়ৰ বিয়াৰ প্ৰস্তুতি পূৰ্ণগতিত চলি থকা বুলি এক সূত্ৰই দাবী কৰিছে। জানিব পৰা মতে, উদয়পুৰৰ সম্ভাৱ্য স্থানসমূহো দম্পতীহালে পৰিদৰ্শন কৰিছে, য’ত এক বৃহৎ অনুষ্ঠানৰ সম্ভাৱনা আছে। প্ৰতিবেদনত লগতে দাবী কৰা হৈছে যে অক্টোবৰ মাহত হায়দৰাবাদত এই দম্পতীহালে ব্যক্তিগতভাৱে বাগ্দান কৰিছিল যদিও এতিয়ালৈকে দুয়োৰে কোনোৱেই এই কথা আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই। ৰশ্মিকাৰ এই সঁহাৰিৰ পিছত এটা কথা স্পষ্ট যে অনুৰাগীসকলে অলপ বেছি সময় অপেক্ষা কৰিব লাগিব, কিয়নো বৰ্তমান তাৰকা দম্পতীয়ে নিজৰ ব্যক্তিগত জীৱনক লৈ মৌনতা অৱলম্বন কৰি আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ