প্ৰখ্যাত সংগীতশিল্পী নচিকেতা চক্ৰৱৰ্তী অসুস্থ
অসুস্থ সংগীতশিল্পী নচিকেতা চক্ৰৱৰ্তী। হাস্পতালত চিকিৎসাধীন হৈ আছে শিল্পীগৰাকী। শনিবাৰে হাস্পতালত ভৰ্তি কৰা হৈছে সংগীত শিল্পীগৰাকীক। জানিব পৰা মতে, হৃদৰোগৰ সমস্যাৰ বাবে হাস্পতালত ভৰ্তি কৰা হৈছে শিল্পীগৰাকীক। অৱশ্যে এই মুহূৰ্তত তেওঁৰ অৱস্থা সুস্থিৰ
প্ৰখ্যাত সংগীতশিল্পী নচিকেতা চক্ৰৱৰ্তী


অসুস্থ সংগীতশিল্পী নচিকেতা চক্ৰৱৰ্তী। হাস্পতালত চিকিৎসাধীন হৈ আছে শিল্পীগৰাকী। শনিবাৰে হাস্পতালত ভৰ্তি কৰা হৈছে সংগীত শিল্পীগৰাকীক।

জানিব পৰা মতে, হৃদৰোগৰ সমস্যাৰ বাবে হাস্পতালত ভৰ্তি কৰা হৈছে শিল্পীগৰাকীক। অৱশ্যে এই মুহূৰ্তত তেওঁৰ অৱস্থা সুস্থিৰ বুলি কোৱা হৈছে। বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল নচিকেতা চক্ৰৱৰ্তী। একেৰাহে কেইবাদিনো ধৰি নাচিকেতাই অনুষ্ঠান পৰিৱেশন কৰি আহিছিল। যোৱা কেইদিনমানৰ পৰা তেওঁ মানসিক চাপত আছিল। সূত্ৰ অনুসৰি ৬১ বছৰীয়া কণ্ঠশিল্পীগৰাকীয়ে শনিবাৰে নিশা হঠাতে বুকুত অস্বস্তি অনুভৱ কৰিবলৈ আৰম্ভ কৰে। পুৱা প্ৰায় ২ বজাত তেওঁক বাইপাছৰ সমীপৰ ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তেওঁৰ হৃদযন্ত্ৰৰ সমস্যা হৈছিল। ফলত তেওঁৰ বুকুত দুটা ষ্টেণ্ট বহুৱাই দিয়া হয়। চিকিৎসকে জনোৱা মতে, গায়িকাগৰাকীৰ অৱস্থা এতিয়া সুস্থিৰ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande