
-পঞ্চম দিনটোত ১০.২৫ কোটি ₹ উপাৰ্জন
বলীউডৰ তাৰকা কৃতি ছানন আৰু ধনুশৰ ৰোমান্টিক একচন ছবি তেৰে ইছক মে ছবিগৃহত ২৮ নৱেম্বৰত মুক্তি লাভ কৰি ক্ষীপ্ৰতাৰে দৰ্শকৰ হৃদয় আকৰ্ষণ কৰে। ২০২৫ চনৰ শেষৰ পূৰ্বে এই ছবিখনে দৰ্শকৰ বাবে এক সুন্দৰ উপহাৰ হিচাপে প্ৰমাণিত হৈছে। পৰিচালক আনন্দ এল ৰায়ে পুনৰবাৰ উপস্থাপন কৰিছে প্ৰেম, সংগ্ৰাম, আৱেগেৰে বোৱা কাহিনী যিয়ে দৰ্শকক সম্পূৰ্ণৰূপে মোহিত কৰিছে। ফলত তেৰে ইছক মে বক্স অফিচত শক্তিশালী স্থান দখল কৰি আছে, সপ্তাহটোৰ ব্যৱসায়িক দিনত আয়ৰ গতি লেহেমীয়া হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই।
তেৰে ইছক মেৰ পঞ্চম দিনত শক্তিশালী প্ৰদৰ্শন
চাকনিল্কৰ প্ৰাৰম্ভিক তথ্য অনুসৰি ছবিখনে মুক্তিৰ পঞ্চম দিনটোত আকৰ্ষণীয় ₹১০.২৫ কোটি টকা উপাৰ্জন কৰে। চতুৰ্থ দিনা অৰ্থাৎ প্ৰথম সোমবাৰে ৮.৭৫ কোটি টকাত থিয় দিছিল যদিও মঙলবাৰে ছবিখনে প্ৰায় ১.৫ কোটি টকাৰ জঁপিয়াই নিজকে দীৰ্ঘম্যাদী প্ৰতিদ্বন্দ্বী হিচাপে প্ৰমাণ কৰিলে। মুঠতে ৫ দিনত ছবিখনৰ সংগ্ৰহ ৭১ কোটি টকা হৈছেগৈ।
বৰুণ ধাৱনৰ ছবি ‘ভেড়িয়া’ৰ অভিলেখ ভংগ কৰি বক্স অফিচত নিজৰ দৃঢ় দখল প্ৰমাণ কৰিলে ‘তেৰে ইছক মে’ ছবিখনে। খবৰ অনুসৰি ‘ভেড়িয়া’ই ৬৬.৬৫ কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে ‘তেৰে ইছক মে’ সেই সংখ্যা অতিক্ৰম কৰিছে। এই কৃতিত্বৰ লগে লগে ছবিখনে কৃতি ছাননৰ কেৰিয়াৰৰ সপ্তম সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছে। কৃতিৰ পূৰ্বৰ সৰ্বাধিক উপাৰ্জন কৰা ছবিসমূহৰ ভিতৰত আছে ‘হাউছফুল ৪’ (১৯৪.৬০ কোটি), ‘দিলৱালে’ (১৪৮.৭২ কোটি), ‘আদিপুৰুষ’ (১৩৫.০৪ কোটি), ‘লুকা চুপ্প্পী’ (৯৪.৭৫ কোটি), ‘ক্ৰু’ (৮৯.৯২ কোটি), আৰু ‘তেৰি বাতো মে আইছা উলজা জিয়া’ (৮০.৮৮ কোটি)। দ্ৰুতগতিত বৃদ্ধি পোৱা উপাৰ্জনৰ লগে লগে স্পষ্ট হৈ পৰিছে যে ‘তেৰে ইছক মে’ কেৱল দৰ্শকৰ মাজত অনুৰণন ঘটোৱাই নহয়, কৃতি ছাননৰ চলচ্চিত্ৰ কেৰিয়াৰত আন এক বৃহৎ সফলতাও যোগ কৰাৰ সম্ভাৱনাও আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ