কইনা হ'বলৈ ওলাইছে কৃতি সোননৰ ভগ্নী নুপুৰ ছানন
বলীউডৰ অভিনেত্ৰী কৃতি ছাননে শেহতীয়াকৈ মুক্তি পোৱা ছবি তেৰে ইছক মেৰ সফলতাক উদযাপন কৰি থকাৰ সময়তে তেওঁৰ পৰিয়ালেও আনন্দ উদযাপনৰ বাবে সাজু হৈছে। খবৰ অনুসৰি কৃতিৰ কনিষ্ঠ ভগ্নী নুপুৰ ছাননে অতি সোনকালে বিবাহপাশত আবদ্ধ হ’ব। ধনুশৰ সৈতে কৃতিৰ আগন্তুক ছব
कृति सेनन, नुपुर सेनन - फोटो सोर्स एक्स


বলীউডৰ অভিনেত্ৰী কৃতি ছাননে শেহতীয়াকৈ মুক্তি পোৱা ছবি তেৰে ইছক মেৰ সফলতাক উদযাপন কৰি থকাৰ সময়তে তেওঁৰ পৰিয়ালেও আনন্দ উদযাপনৰ বাবে সাজু হৈছে। খবৰ অনুসৰি কৃতিৰ কনিষ্ঠ ভগ্নী নুপুৰ ছাননে অতি সোনকালে বিবাহপাশত আবদ্ধ হ’ব। ধনুশৰ সৈতে কৃতিৰ আগন্তুক ছবিখনক লৈ সৃষ্টি হোৱা চৰ্চাৰ মাজতে নুপুৰৰ বিয়াৰ খবৰে অনুৰাগীৰ উত্তেজনা আৰু অধিক বৃদ্ধি কৰিছে।

উদয়পুৰত অনুষ্ঠিত হ’ব ৰাজকীয় বিবাহ অনুষ্ঠান

অক্ষয় কুমাৰৰ সৈতে ছুপাৰহিট মিউজিক ভিডিঅ' ফিলহালৰ জৰিয়তে খিতাপ দখল কৰা নুপুৰ ছাননে নিজৰ বিয়াৰ বাবে ৰাজস্থানৰ উদয়পুৰক বাছি লৈছে। খবৰ অনুসৰি, ইয়াৰ পূৰ্বে কেইবাখনো হাই-প্ৰফাইল বিয়া অনুষ্ঠিত কৰা বিলাসী ফেয়াৰম’ণ্ট উদয়পুৰ পেলেচত অহা ৮ আৰু ৯ জানুৱাৰীত অনুষ্ঠিত হ’ব এই বিবাহ অনুষ্ঠান। নুপুৰে বিবাহ পাশত আৱদ্ধ হ’বলগা মানুহজন হৈছে ষ্টেবিন বেন, যিজন জনপ্ৰিয় গায়কে চাহিবা, ৰুলা কে গয়া ইছক, থোডা থোদা প্যাৰ আদি হিট গীত দিছে।

যদিও নুপুৰ আৰু ষ্টেবিন বেনে কেতিয়াও ৰাজহুৱাভাৱে তেওঁলোকৰ সম্পৰ্ক নিশ্চিত কৰা নাই, তথাপিও ষ্টেবিনক বহুবাৰ চেনন পৰিয়ালৰ সৈতে দেখা গৈছে, সেয়া পাৰ্টি হওক, পৰিয়ালৰ অনুষ্ঠান হওক, ছুটীৰ ভ্ৰমণ হওক। দুয়োজনে সদায় নিজকে ঘনিষ্ঠ বন্ধু বুলি অভিহিত কৰি আহিছে যদিও তেওঁলোকৰ কথিত বিবাহৰ খবৰে অনুৰাগীক উত্তেজিত কৰি তুলিছে। কেইবাটাও মিউজিক ভিডিঅ’ত অভিনয় কৰা নুপুৰ ছাননে অতি সোনকালে বলীউডত অভিষেক ঘটাবলৈ সাজু হৈছে। বিবাহ আৰু কেৰিয়াৰ দুয়োটা দিশতে নুপুৰৰ বাবে আগন্তুক সময় বিশেষ হ’বলৈ গৈ আছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande