অজয় দেৱগনৰ ছবি ‘দৃশ্যম ৩’ৰ মুক্তিৰ তাৰিখ ঘোষণা
দীৰ্ঘদিন ধৰি অজয় দেৱগনৰ ছুপাৰহিট ফ্ৰেঞ্চাইজি ‘দৃশ্যম’ৰ তৃতীয় কিস্তিৰ বাবে অপেক্ষা কৰি আছিল দৰ্শকে। মেকাৰসকলে এটা ডাঙৰ আপডেটৰ জৰিয়তে অনুৰাগীৰ কৌতুহল জগাই তুলিছে। ‘দৃশ্যম ৩’ৰ মুক্তিৰ তাৰিখ আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ লগে লগে পুনৰবাৰ নিজৰ ধূৰ্ততা আৰু
अजय देवगन - फोटो सोर्स एक्स


দীৰ্ঘদিন ধৰি অজয় দেৱগনৰ ছুপাৰহিট ফ্ৰেঞ্চাইজি ‘দৃশ্যম’ৰ তৃতীয় কিস্তিৰ বাবে অপেক্ষা কৰি আছিল দৰ্শকে। মেকাৰসকলে এটা ডাঙৰ আপডেটৰ জৰিয়তে অনুৰাগীৰ কৌতুহল জগাই তুলিছে। ‘দৃশ্যম ৩’ৰ মুক্তিৰ তাৰিখ আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ লগে লগে পুনৰবাৰ নিজৰ ধূৰ্ততা আৰু মাইণ্ড গেমেৰে আৰক্ষীৰ পৰা আঁতৰি আহিবলৈ সাজু হৈছে বিজয় ছালগাঁওকাৰ।

এই তাৰিখত মুক্তি পাব ‘দৃশ্যাম ৩’

এটা শক্তিশালী ঘোষণা ভিডিঅ’ৰ জৰিয়তে নিৰ্মাতাসকলে ছবিখনৰ মুক্তিৰ তাৰিখ প্ৰকাশ কৰে। ভিডিঅ'টোত অজয় দেৱগনৰ মাত শুনা গৈছে, যেতিয়ালৈকে সকলোৱে ক্লান্ত নহয়, যেতিয়ালৈকে সকলোৱে পৰাজিত নহয়, মই ইয়াত চকীদাৰ হিচাপে থিয় দিম... কাৰণ কাহিনীটো এতিয়াও শেষ হোৱা নাই। চূড়ান্ত অংশটো এতিয়াও আহিবলগীয়া আছে।

২০২৬ চনৰ ২ অক্টোবৰত ছবিগৃহত মুক্তি পাব ‘দৃশ্যম ৩’। পূৰ্বৰ দুটা কিস্তিৰ সকলো মূল চৰিত্ৰ ঘূৰি আহিব। এইবাৰ ছবিখন পৰিচালনা কৰিছে অভিষেক পাঠকে, যিয়ে দৃশ্যম ২কো বিপুল সফল কৰি তুলিছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande