পুলিৎজাৰ বঁটা বিজয়ী যুদ্ধ সংবাদদাতা পিটাৰ আৰ্নেটৰ দেহাৱসান
নিউপ’ৰ্ট বিচ, (কেলিফৰ্ণিয়া), আমেৰিকা, ১৮ ডিচেম্বৰ (হি.স.)। প্ৰখ্যাত যুদ্ধ সংবাদদাতা পিটাৰ আৰ্নেট আৰু নাই। বিশ্ব সাংবাদিকতাৰ আটাইতকৈ সন্মানীয় বঁটা পুলিৎজাৰ বঁটা বিজয়ী আৰ্নেটৰ বুধবাৰে ৯১ বছৰ বয়সত নিউপ’ৰ্ট বিচত মৃত্যু হয়। ভিয়েটনামৰ ধাননি পথাৰৰ প
पीटर अर्नेट का यह फोटो 18 मार्च 1963 का है। तब वह  कुआलालंपुर (मलेशिया) थे। फोटो - इंटरनेट मीडिया


নিউপ’ৰ্ট বিচ, (কেলিফৰ্ণিয়া), আমেৰিকা, ১৮ ডিচেম্বৰ (হি.স.)। প্ৰখ্যাত যুদ্ধ সংবাদদাতা পিটাৰ আৰ্নেট আৰু নাই। বিশ্ব সাংবাদিকতাৰ আটাইতকৈ সন্মানীয় বঁটা পুলিৎজাৰ বঁটা বিজয়ী আৰ্নেটৰ বুধবাৰে ৯১ বছৰ বয়সত নিউপ’ৰ্ট বিচত মৃত্যু হয়। ভিয়েটনামৰ ধাননি পথাৰৰ পৰা ইৰাকৰ মৰুভূমিলৈকে যুদ্ধৰ প্ৰত্যক্ষ বিৱৰণী বিশ্বলৈ আনিবলৈ তেওঁ দশক দশক ধৰি গুলী আৰু বোমাৰ মাজৰ পৰা নিজকে ৰক্ষা কৰিছিল।

দ্য গাৰ্ডিয়ানৰ মতে, ১৯৬৬ চনত এছ’চিয়েটেড প্ৰেছ (এপি)ৰ বাবে ভিয়েটনাম যুদ্ধৰ বাতৰি পৰিৱেশন কৰাৰ বাবে আৰ্নেটে আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদনৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰিছিল। তেওঁৰ পুত্ৰ এণ্ড্ৰু আৰ্নেটে কয় যে তেওঁৰ অন্তিম মুহূৰ্তত বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লোকে তেওঁক আগুৰি ধৰিছিল। শনিবাৰে প্ৰষ্টেট কেন্সাৰত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হয়।

উল্লেখ্য যে ১৯৬২ চনৰ পৰা ১৯৭৫ চনত যুদ্ধৰ শেষলৈকে তেওঁ ভিয়েটনামৰ পৰা ৰিপৰ্ট কৰিছিল। ১৯৯১ চনত প্ৰথম উপসাগৰীয় যুদ্ধৰ সময়ত চিএনএনৰ বাবে লাইভ আপডেট সম্প্ৰচাৰ কৰাৰ পিছত তেওঁ ঘৰুৱা নাম হৈ পৰিছিল। এপিত ইণ্ডোনেছিয়াৰ সংবাদদাতা হিচাপে যোগদান কৰাৰ মাত্ৰ এবছৰৰ পিছত আৰ্নেটে ভিয়েটনামত উপস্থিত হৈছিল। ১৯৭৫ চনলৈকে তেওঁ তাতেই থাকে। ১৯৮১ চনলৈকে আৰ্নেটে এ পিৰ সৈতে থাকে, তাৰ পিছত তেওঁ চিএনএনত যোগদান কৰে।

দহ বছৰৰ পাছত তেওঁ বাগদাদলৈ উভতি আহি আন এখন যুদ্ধৰ বাতৰি পৰিৱেশন কৰে। তেওঁ কেৱল যুদ্ধৰ সন্মুখৰ লাইনত ৰিপৰ্ট দিয়াই নহয়, তেতিয়াৰ ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইন আৰু ওছামা বিন লাডেনৰ সৈতেও বিতৰ্কিত সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল। ১৯৯৯ চনত আৰ্নেটে চিএনএন এৰি যায়। ২০০৩ চনত তেওঁ এনবিচি আৰু নেচনেল জিঅ'গ্ৰাফিকৰ বাবে দ্বিতীয় উপসাগৰীয় যুদ্ধৰ বাতৰি পৰিৱেশন কৰে।

আৰ্নেটে টাইৱান, সংযুক্ত আৰব আমিৰশ্বাহী আৰু বেলজিয়ামৰ ষ্টেচনসমূহতো কাম কৰিছিল। ২০০৭ চনত তেওঁ চীনৰ ছানটৌ বিশ্ববিদ্যালয়ত সাংবাদিকতা শিক্ষকতাৰ চাকৰি লয়। ২০১৪ চনত অৱসৰ লোৱাৰ পিছত তেওঁ আৰু তেওঁৰ পত্নী নীনা নুয়েনে দক্ষিণ কেলিফৰ্ণিয়াৰ উপকণ্ঠ অঞ্চল ফাউণ্টেইন ভেলীলৈ গুচি যায়। ১৯৩৪ চনৰ ১৩ নৱেম্বৰত নিউজিলেণ্ডৰ ৰিভাৰটনত জন্মগ্ৰহণ কৰা আৰ্নেটে হাইস্কুলৰ পিছতেই স্থানীয় চাউথলেণ্ড টাইমছত চাকৰি লাভ কৰে। তেওঁ বেংকক ৱৰ্ল্ডৰ বাবেও কাম কৰিছিল। আৰ্নেটে পত্নী আৰু তেওঁলোকৰ সন্তান এলছা আৰু এণ্ড্ৰুক এৰি থৈ যায়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande