ওমান আৰু ভাৰতৰ মাজত আজি মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ; মাস্কাটত উপস্থিত প্ৰধানমন্ত্ৰী মোডী
মাস্কাট (ওমান), ১৮ ডিচেম্বৰ (হি.স.)। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তিনিখন দেশ ভ্ৰমণৰ অন্তিম পৰ্যায়ত ওমানৰ ৰাজধানী মাস্কাটত উপস্থিত হৈছে । ইয়াত তেওঁ দুদিন থাকিব আৰু ওমানৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হ’ব। আজি প্ৰধানমন্ত্ৰী মোডীৰ উপস্থিতিত দ
भारत के प्रधानमंत्री नरेन्द्र मोदी का मस्कट पहुंचने पर ओमान के उप प्रधानमंत्री सैय्यद शिहाब बिन तारिक अल सईद ने स्वागत किया। फोटो - प्रधानमंत्री मोदी के एक्स हैंडल से


মাস্কাট (ওমান), ১৮ ডিচেম্বৰ (হি.স.)। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তিনিখন দেশ ভ্ৰমণৰ অন্তিম পৰ্যায়ত ওমানৰ ৰাজধানী মাস্কাটত উপস্থিত হৈছে । ইয়াত তেওঁ দুদিন থাকিব আৰু ওমানৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হ’ব। আজি প্ৰধানমন্ত্ৰী মোডীৰ উপস্থিতিত দুয়োখন দেশৰ মাজত মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হ’ব। বুধবাৰে মাস্কাটত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোডীক হোটেলখনত ভাৰতীয় প্ৰৱাসীসকলৰ পৰা উষ্ম আদৰণি জনোৱা হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত মাস্কাটত উপস্থিত হোৱাৰ স্মৰণীয় মুহূৰ্তসমূহ শ্বেয়াৰ কৰে। কেন্দ্ৰীয় কেবিনেটে যোৱা শুকুৰবাৰে ভাৰত আৰু ওমানৰ মাজত মুক্ত বাণিজ্য চুক্তিত অনুমোদন জনায়। আনুষ্ঠানিকভাৱে বিস্তৃত অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (চিইপিএ) নামেৰে নামাকৰণ কৰা এই চুক্তিৰ আলোচনা ২০২৩ চনৰ নৱেম্বৰ মাহত আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল আৰু এই বছৰতে চূড়ান্ত আলোচনা সম্পূৰ্ণ হৈছিল। ওমানত চুলতান তাৰিকৰ সৈতে আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদীয়ে। ভাৰতীয় প্ৰৱাসীসকলৰ এক সমাৱেশতো ভাষণ দিব।

মাস্কাটত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক বিমানবন্দৰত উষ্ম আদৰণি জনায় ওমানৰ উপ-প্ৰধানমন্ত্ৰী ছায়িদ শ্বিহাব বিন তাৰিক আল ছাইদে। প্ৰধানমন্ত্ৰীগৰাকীক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়। চুলতান হাইথাম বিন তাৰিকৰ আমন্ত্ৰণত ওমানত উপস্থিত হয় মোডী। উপসাগৰীয় দেশখনলৈ তেওঁৰ দ্বিতীয়টো ভ্ৰমণ। ইয়াৰ উপৰিও ভাৰত আৰু ওমানৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭০ বছৰীয়া জয়ন্তী।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত লিখিছে, মাস্কাট বিমানবন্দৰত উষ্ম আদৰণি জনোৱাৰ বাবে ওমানৰ উপ-প্ৰধানমন্ত্ৰী (ৰক্ষা পৰিক্ৰমা) ছায়িদ শ্বিহাব বিন তাৰিক আল ছাইদক বহুত বহুত ধন্যবাদ। আমি অতি ভাল কথা-বতৰা পাতিলোঁ, ভাৰত-ওমান বন্ধুত্বৰ ওপৰত আমাৰ মতামত ভাগ কৰিলোঁ। জৰ্ডান আৰু ইথিওপিয়াৰ সফল ভ্ৰমণ সমাপ্ত কৰি ওমানত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সৰ বাৰ্তাযোগে দুয়োখন দেশৰ চিৰস্থায়ী সম্পৰ্কৰ ওপৰত আলোকপাত কৰে। তেওঁ কয়, মই ওমানৰ মাস্কাটত অৱতৰণ কৰিছো। ভাৰতৰ সৈতে ই চিৰস্থায়ী বন্ধুত্ব আৰু গভীৰ ঐতিহাসিক সম্পৰ্কৰ দেশ। এই ভ্ৰমণে সহযোগিতাৰ নতুন পথ অন্বেষণ কৰাৰ সুযোগ প্ৰদান কৰে আৰু আমাৰ অংশীদাৰিত্বক নতুন গতি প্ৰদান কৰে। ওমানত তেওঁক উষ্ম আদৰণি জনোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে। ইয়াত ভাৰতীয় সমাজৰ মৰম আৰু উৎসাহে ভাৰত আৰু ওমানৰ মাজত থকা জনসাধাৰণৰ মাজত থকা শক্তিশালী সম্পৰ্কক সঁচা অৰ্থত প্ৰতিফলিত কৰিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande