
বেলগাম, ১৭ ডিচেম্বৰ (হি.স.)। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমৈয়াই ভাৰতীয় জনতা পাৰ্টি (বিজেপি)য়ে ঘৃণাৰ ৰাজনীতি কৰা আৰু কংগ্ৰেছ নেতাৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰি অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে। নেশ্যনেল হেৰাল্ড গোচৰত আদালতৰ সিদ্ধান্তৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ এই মন্তব্য কৰে।
বেলগাঁৱৰ সুৱৰ্ণ সৌধা কমপ্লেক্সত বিধায়ক আৰু বিধান পৰিষদৰ সদস্যৰ সৈতে আয়োজিত প্ৰতিবাদী কাৰ্যসূচীত ভাষণ দি সিদ্ধাৰমাইয়াই কয় যে বিজেপি চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে। নেশ্যনেল হেৰাল্ড গোচৰত প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) দাখিল কৰা অভিযোগনামা খাৰিজ কৰাৰ বিচাৰ আদালতে লোৱা সিদ্ধান্তক তেওঁ সমৰ্থন কৰে।
মুখ্যমন্ত্রীগৰাকীয়ে কয় যে কেন্দ্র আৰু ৰাজ্যত বিজেপি য’তেই ক্ষমতাত আছে তাতেই কংগ্রেছ নেতাসকলক লক্ষ্য কৰি মিছা গোচৰত লিপ্ত কৰি অপৰাধী হিচাপে চিত্ৰিত কৰিছে ৷ তেওঁ অভিযোগ কৰে যে বিজেপিয়ে কু-অভিপ্ৰায়েৰে ভুৱা বিষয় উত্থাপন কৰি নিজৰ ব্যৰ্থতা লুকুৱাবলৈ চেষ্টা কৰিছে।
চিদ্ধাৰমাইয়াই কয় যে দেশত দুৰ্নীতিৰ প্ৰকোপ বৃদ্ধি পাইছে, মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। তেওঁ অভিযোগ কৰে যে জনসাধাৰণৰ ওপৰত গধুৰ কৰ আৰোপ কৰি দেশক ঋণত পৰিবলৈ বাধ্য কৰা হৈছে।
নেশ্যনেল হেৰাল্ড গোচৰৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ১৯৩৭ চনত জৱাহৰলাল নেহৰুৱে স্বাধীনতা সংগ্রাম সন্দর্ভত সজাগতা বিয়পাই প্রতিষ্ঠা কৰা কাকতখন কংগ্রেছৰ সম্পত্তি ৷ পিছলৈ ইয়ং ইণ্ডিয়ান সংগঠনে ইয়াৰ পৰিচালনাৰ দায়িত্ব লয়। এই গোচৰত ছোনিয়া গান্ধী, ৰাহুল গান্ধী, মোটিলাল ভোৰা, আৰু অস্কাৰ ফাৰ্নাণ্ডেছৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছিল, তাৰ পিছত ইডিয়ে তদন্ত আৰম্ভ কৰিছিল।
২০১২ চনত বিজেপি নেতা সুব্ৰমণ্যম স্বামীয়ে এই সন্দৰ্ভত গোচৰ ৰুজু কৰিছিল। শেহতীয়াকৈ নিম্ন আদালতে ইডিয়ে দাখিল কৰা অভিযোগনামা খাৰিজ কৰে। সিদ্ধাৰমাইয়াই উল্লেখ কৰে যে এই আদালতৰ সিদ্ধান্তই স্পষ্ট কৰি দিয়ে যে গোচৰটো মিছা আছিল আৰু ন্যায়ে নিজৰ পক্ষ স্পষ্ট কৰিলে।
हिन्दुस्थान समाचार / অৰৱিন্দ