আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহে ৰাষ্ট্ৰসংঘৰ পৰা লাভ কৰিব পাৰে গাজা শাসনৰ কৰ্তৃত্ব
ৱাশ্বিংটন, ০৪ নৱেম্বৰ (হি স)। আমেৰিকাই গাজা শাসনৰ কৰ্তৃত্ব ৰাষ্ট্ৰসংঘৰ পৰা লাভ কৰিব পাৰে। ৰাষ্ট্ৰসংঘৰ এটা খচৰা প্ৰস্তাৱত কোৱা হৈছে যে আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহক গাজাত শাসন আৰু নিৰাপত্তা প্ৰদানৰ বাবে বহল কৰ্তৃত্ব দিয়া হ’ব। এই খচৰাৰ প্ৰতিলিপি
दक्षिणी गाजा पट्टी में दो नवंबर को खान यूनिस से गुजर रहे सहायता सामग्री ले जा रहे ट्रकों की सुरक्षा करते सशस्त्र लोग। फोटो - इंटरनेट मीडिया


ৱাশ্বিংটন, ০৪ নৱেম্বৰ (হি স)। আমেৰিকাই গাজা শাসনৰ কৰ্তৃত্ব ৰাষ্ট্ৰসংঘৰ পৰা লাভ কৰিব পাৰে। ৰাষ্ট্ৰসংঘৰ এটা খচৰা প্ৰস্তাৱত কোৱা হৈছে যে আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহক গাজাত শাসন আৰু নিৰাপত্তা প্ৰদানৰ বাবে বহল কৰ্তৃত্ব দিয়া হ’ব। এই খচৰাৰ প্ৰতিলিপি এক্সিঅ’ছৰ নিউজ চাইটে লাভ কৰিছে।

টাইমছ অৱ ইজৰাইল কাকতে এক্সিয়াছ নিউজ চাইটৰ এক প্ৰতিবেদনৰ উদ্ধৃতি দি এই গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে। প্ৰতিবেদন অনুসৰি ট্ৰাম্প প্ৰশাসনে গাজাত আন্তঃৰাষ্ট্ৰীয় বাহিনী স্থাপনৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদলৈ প্ৰস্তাৱ দাখিল কৰিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে প্ৰস্তুত কৰিছে এক বিশদ খচৰা। এই খচৰা প্ৰস্তাৱত আমেৰিকা আৰু অন্যান্য অংশীদাৰ দেশসমূহক গাজাত শাসন আৰু নিৰাপত্তাৰ দায়িত্ব লোৱাৰ বাবে দুবছৰৰ বাবে ব্য়াপক কৰ্তৃত্ব প্ৰদান কৰা হৈছে।

প্ৰতিবেদন অনুসৰি আন্তঃৰাষ্ট্ৰীয় স্থিতিশীলতা বাহিনীয়ে ইজৰাইল আৰু ইজিপ্তৰ সৈতে গাজা ষ্ট্ৰিপৰ সীমান্ত সুৰক্ষিত কৰা, সাধাৰণ নাগৰিক আৰু মানৱীয় অঞ্চলৰ সুৰক্ষা নিশ্চিত কৰা আৰু নতুন পেলেষ্টাইন আৰক্ষী বিষয়াক প্ৰশিক্ষণ দিয়াৰ দায়িত্ব ল’ব। এই বাহিনীটোৰ স্পষ্টভাৱে হামাছক নিৰস্ত্ৰ কৰাৰ কৰ্তৃত্ব থাকিব। এই বাহিনীটোৱে গাজা ষ্ট্ৰিপৰ বিসামৰিককৰণ নিশ্চিত কৰি গাজাৰ নিৰাপত্তা পৰিৱেশ সুস্থিৰ কৰি তুলিব। ইয়াৰ ভিতৰত সামৰিক, সন্ত্ৰাসবাদী আৰু আক্ৰমণাত্মক আন্তঃগাঁথনি ধ্বংস আৰু পুনৰ নিৰ্মাণ ৰোধ কৰাৰ লগতে অৰাষ্ট্ৰীয় সশস্ত্ৰ গোটৰ অস্ত্ৰ-শস্ত্ৰ স্থায়ীভাৱে ধ্বংস কৰাও অন্তৰ্ভুক্ত।’

খচৰাখনত এইটোও উল্লেখ কৰা হৈছে যে এই বাহিনীটোৱে গাজা চুক্তিক সমৰ্থন কৰিবলৈ প্ৰয়োজনীয় অতিৰিক্ত কামসমূহ সম্পন্ন কৰিব আৰু ইজিপ্ত আৰু ইজৰাইলৰ সৈতে ঘনিষ্ঠ আলোচনা আৰু সহযোগিতাৰে কাম কৰিব। ইয়াৰ উপৰিও এক্সিয়াছে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰস্তাৱিত শান্তি ব’ৰ্ডে ইয়াক “সংক্ৰমণকালীন চৰকাৰী প্ৰশাসন”ৰ ক্ষমতা প্ৰদানৰ আহ্বান জনাইছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande