বেলুচিস্তানত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত চাৰিজন বিদ্ৰোহী নিহত
ৰাৱালপিণ্ডি, ০৪ নৱেম্বৰ (হি.স.)। পাকিস্তানৰ বেলুচিস্তানৰ কালাটত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত চাৰিজন বিদ্ৰোহী নিহত হৈছে। পাকিস্তানী সেনাৰ আন্তঃসেৱা জনসংযোগ সংস্থাই মঙলবাৰে প্ৰকাশ কৰা অনুসৰি অঞ্চলটোত বিদ্ৰোহীৰ উপস্থিতিৰ চোৰাংচোৱা তথ্য
বেলুচিস্তানত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত চাৰিজন বিদ্ৰোহী নিহত


ৰাৱালপিণ্ডি, ০৪ নৱেম্বৰ (হি.স.)। পাকিস্তানৰ বেলুচিস্তানৰ কালাটত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত চাৰিজন বিদ্ৰোহী নিহত হৈছে।

পাকিস্তানী সেনাৰ আন্তঃসেৱা জনসংযোগ সংস্থাই মঙলবাৰে প্ৰকাশ কৰা অনুসৰি অঞ্চলটোত বিদ্ৰোহীৰ উপস্থিতিৰ চোৰাংচোৱা তথ্য লাভ কৰাৰ পিছত আৰম্ভ কৰা অভিযানত চাৰিজন বিদ্ৰোহী নিহত হয়।

আই এছ পি আৰৰ তথ্য অনুসৰি এই বিদ্ৰোহীসকল ফিতনা আল হিন্দুস্তান সংগঠনৰ সৈতে জড়িত আছিল। তেওঁলোকৰ পৰা উদ্ধাৰ হৈছে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ। অঞ্চলটোৰ আন বিদ্ৰোহীৰ সন্ধানত সেনাই অভিযান আৰম্ভ কৰিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande