
ৱাশ্বিংটন, ০৪ নৱেম্বৰ (হি.স.)। আমেৰিকাৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি ৰিচাৰ্ড ব্ৰুচ “ডিক” চেনীৰ সোমবাৰে ৮৪ বছৰ বয়সত মৃত্যু হয়।
পৰিয়ালে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি নিউমোনিয়া আৰু হৃদযন্ত্ৰ আৰু ধমনীৰ লগত জড়িত স্বাস্থ্যজনিত জটিলতাৰ ফলত তেওঁৰ মৃত্যু হয়। তেওঁৰ শোকসন্তপ্ত পৰিয়ালত তেওঁৰ পত্নী আৰু তিনিগৰাকী কন্যাও আছে।
যুদ্ধ, ক্ষমতা আৰু বিতৰ্কৰ সৈতে জড়িত ব্যক্তি চেনী ২০০১ চনত প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বৰ কাৰ্যকালত আমেৰিকাৰ ৪৬ সংখ্যক উপ-ৰাষ্ট্ৰপতি হৈছিল। ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত গ্ল'বেল ৱাৰ অন টেৰ'ৰৰ ভেটি স্থাপন কৰা চেনী দেশখনৰ ইতিহাসৰ অন্যতম শক্তিশালী আৰু প্ৰভাৱশালী উপ-ৰাষ্ট্ৰপতি আছিল।
১৯৯১ চনত উপসাগৰীয় যুদ্ধ আৰম্ভ কৰি ইৰাকৰ বিৰুদ্ধে জয়লাভ কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
ইফালে প্ৰাক্তন ৰাষ্ট্ৰপতি বুছে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে তেওঁ মোৰ ঘনিষ্ঠ বন্ধু আছিল। প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনেও তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে।
আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নীতিৰ ঘোৰ বিৰোধী আছিল চেনী।
हिन्दुस्थान समाचार / অৰৱিন্দ