লাহোৰৰ বায়ুৰ গুণাগুণ পাকিস্তানৰ ভিতৰতে আটাইতকৈ প্ৰদূষিত চহৰ
লাহোৰ, ০৪ নৱেম্বৰ (হি.স.)। পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত বিপজ্জনক মাত্ৰাৰ ধোঁৱাৰ ফলত বায়ুৰ গুণাগুণৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে লাহোৰ। চৰকাৰী প্ৰতিবেদন অনুসৰি লাহোৰৰ বায়ুৰ গুণাগুণ সূচকাংক (একিউআই) ৩৭৯ত উপনীত হোৱাৰ ব
लाहौर


লাহোৰ, ০৪ নৱেম্বৰ (হি.স.)। পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত বিপজ্জনক মাত্ৰাৰ ধোঁৱাৰ ফলত বায়ুৰ গুণাগুণৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে লাহোৰ।

চৰকাৰী প্ৰতিবেদন অনুসৰি লাহোৰৰ বায়ুৰ গুণাগুণ সূচকাংক (একিউআই) ৩৭৯ত উপনীত হোৱাৰ বিপৰীতে ল’ৱাৰ মল অঞ্চলত ৭৪৩টা হৈছে। ইয়াৰ ফলত পুনৰবাৰ পাকিস্তানৰ আটাইতকৈ বায়ু প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে। পঞ্জাৱৰ আন আন চহৰসমূহেও তীব্ৰ বায়ু প্ৰদূষণৰ সৈতে যুঁজি আছে। গুজৰাণৱালাৰ একুই ২৮০, মুলতানৰ ২১০, ছিয়ালকোটৰ ১৮৪ আৰু ফৈছালাবাদৰ একুই ২৫১ চিহ্নিত হয়।

পঞ্জাৱ চৰকাৰ আৰু পৰিবেশ বিভাগে পৰিস্থিতি নিয়ন্ত্ৰণৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। কেইবাটাও প্ৰদূষণকাৰী উদ্যোগিক ইউনিট বন্ধ কৰি দিয়া হৈছে আৰু কাৰখানাসমূহ ছীল কৰা হৈছে। বিষয়াসকলৰ মতে, ৪১টা আধুনিক বায়ুৰ গুণাগুণ নিৰীক্ষণ ব্যৱস্থা সক্ৰিয় কৰা হৈছে। ড্ৰ’ন স্কোয়াড নিয়োগ কৰা হৈছে আৰু ধোঁৱামুক্ত অঞ্চল স্থাপন কৰা হৈছে।

পঞ্জাৱৰ জ্যেষ্ঠ মন্ত্ৰী মৰিয়াম ঔৰংজেবে আশ্বাস দিছে যে চৰকাৰে বহনক্ষম ব্যৱস্থাৰ জৰিয়তে ধোঁৱা স্থায়ীভাৱে নিৰ্মূল কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

মন কৰিবলগীয়া যে পাকিস্তানৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি বুধবাৰৰ পৰা লাহোৰত বৰষুণৰ সম্ভাৱনা আছে, যাৰ ফলত ধোঁৱাৰ মাত্ৰা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande