
শিৱসাগৰ, ০৩ নৱেম্বৰ (হি.স.): ছয় জনগোষ্ঠী জনজাতিকৰণ আৰু স্বায়ত্ত্ব শাসনৰ দাবীত যোৱা কালি সন্ধিয়া নাজিৰা নগৰ ৰাজপথেৰে টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাই সাব্যস্ত কৰে বিশাল জোঁৰ সমদল কাৰ্য্যসূচী৷
কংগ্ৰেছেই হওক বা বিজেপি চৰকাৰেই হওক তিনিটা দশক ধৰি ছয় জনগোষ্ঠীক প্ৰতাৰণাৰ কৰি অহাৰ পৰিপেক্ষিতত নাজিৰাৰ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ’ল টাই আহোম যুৱ পৰিষদ৷ হাতত বিভিন্ন ধৰণৰ চৰকাৰ বিৰোধী প্লে কাৰ্ড লৈ, চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে নাজিৰাৰ নগৰৰ ৰাজপথ ৷
প্ৰণিধানযোগ্য় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে ক্ষমতাত অধিষ্ঠিত হ'লে অসমৰ ছয় জনগোষ্ঠী ক্রমে-মৰাণ, মটক, আহোম, কোচ ৰাজবংশী, চুতীয়া আৰু চাহ জনগোষ্ঠীক জনজাতিৰ মর্যদা দিব বুলি বিজেপিয়ে অসমবাসীক নিৰ্বাচনী প্রতিশ্রুতি দিছিল । পৰৱৰ্তী সময়ত চৰকাৰ গঠন কৰাৰ পিছত বিজেপি চৰকাৰৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি পূৰণ নহ’ল ৷ দিছপুৰতেই চৰকাৰী ৰঙা ফিটাৰ মেৰপেচত আবদ্ধ হৈ থাকিল জনজাতিকৰণৰ বিষয়টো ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ