
পদযাত্ৰা কাৰ্যসূচীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অংশগ্ৰহণ
নলবাৰী, ০৩ নৱেম্বৰ (হি.স.): ভাৰতৰ লৌহ পুৰুষ হিচাবে খ্যাত চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উদযাপন উপলক্ষে দেশৰ প্ৰতিখন ৰাজ্য তথা জিলাতে ৩১ অক্টোবৰৰ পৰা আৰম্ভ কৰি অহা ২৫ নৱেম্বৰ লৈকে পদযাত্ৰা কাৰ্যসূচীৰ আয়োজন অব্যাহত থাকিব আৰু ইয়াৰ সৈতে সামঞ্জস্যতা ৰক্ষা কৰি 'মাই ভাৰত কেন্দ্ৰ, নলবাৰী' (MY Bharat Kendra , Nalbari)ৰ সহযোগত নলবাৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা যোৱা কালি দেওবাৰে আবেলি গৰ্ডন খেলপথাৰ সমীপৰ নলবাৰী ক্ৰীড়া সংস্থাৰ প্ৰাংগনৰ পৰা এক জিলা পৰ্যায়ৰ পদযাত্ৰা (Unity March) কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। এই পদযাত্ৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই পদযাত্ৰাত সক্ৰিয়ভাৱে অংশগ্ৰহন কৰে। পদযাত্ৰাত তেওঁক জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী, জ্যেষ্ঠ জিলা আৰক্ষী অধীক্ষক বিবেকানন্দ দাস, বিশিষ্ট সমাজকৰ্মী জয়ন্ত বুজৰবৰুৱাই সংগ প্ৰদান কৰে।
লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলদেৱৰ দেশ মাতৃৰ প্ৰতি থকা প্ৰেম আৰু ত্যাগক সন্মান জনাই সাম্প্ৰদায়িক সম্প্ৰীতি আৰু সৰ্বাংগীন উন্নয়নৰ বাৰ্তা বিয়পাবলৈ তথা জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ঐক্যতা, দেশ প্ৰেম আৰু প্ৰতিজন নাগৰিকৰ অন্তৰত মাতৃভূমিৰ প্ৰতি দায়ৱদ্ধতাৰ মনোভাৱ জাগ্ৰত কৰাৰ মহান উদ্দেশ্যৰে তথা 'এক ভাৰত বিকশিত ভাৰত আত্মনিৰ্ভৰ ভাৰত'ৰ আদৰ্শৰে অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যেৰে এই জিলা ভিত্তিক পদযাত্ৰাৰ আয়োজন কৰা হৈছিল।
এই পদযাত্ৰাত বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকল, বিভাগীয় বিষয়া-কৰ্মচাৰী, জিলা ক্ৰিড়া বিষয়াৰ কাৰ্য্যালয়ৰ সৈতে সংযুক্ত হৈ থকা ক্ৰীড়া সংস্থাসমূ্হৰ প্ৰতিনিধি খেলুৱৈ সকল, মাই ভাৰত কেন্দ্ৰ, নলবাৰী' (MY Bharat Kendra , Nalbari)ৰ স্বেচ্ছাসেৱী সকল আৰু বহু সংখ্যক নলবাৰীবাসী ৰাইজকে ধৰি প্ৰায় ১০০০ লোকে অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ