

গুৱাহাটী, ০৩ নৱেম্বৰ (হি.স.)। বশিষ্ঠ আৰক্ষীৰ ডকাইতৰ বিৰুদ্ধে বৃহৎ অভিযান।দেওবাৰে নিশা বশিষ্ঠ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত।অভিযানত গ্ৰেপ্তাৰ ৭ জন দুৰ্ধৰ্ষ ডকাইত। গ্ৰেপ্তাৰ ক্ৰমে লখিমপুৰৰ সূৰজ আলী, জাকিৰ হুছেইন, মহম্মদ আলী, নগাঁৱৰ আবুল কাছেম, আমিৰ হুছেইন, আলালুদ্দিন আৰু শোণিতপুৰ আইনুল হক নামৰ কুখ্যাত ডকাইত।
কইনাধৰাৰ পৰা বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে আটাইকেইজন ডকাইতক। ৯৮,৫০০ টকাৰ জালনোট জব্দ। ডকাইটিত ব্যৱহৃত দুডাল লাঠি, ১০ টা মোবাইল ফোন জব্দ। লগতে জব্দ এএছ ০২এজি ৭৯০১নম্বৰৰ স্কৰপিঅ' আৰু এএছ ০৭এক্স ১৬৬৬ নম্বৰৰ চুইফ্ট বাহন। জালনোট সৰবৰাহ আৰু ডকাইতি কাণ্ডৰে জড়িত আটাইকেইজন দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ।
ৰাজ্যৰ বিভিন্ন থানাত এই দুৰ্ধৰ্ষ ডকাইত কেইজনৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ। অসমৰ বিভিন্ন স্থানত অপৰাধী কাণ্ডৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ধৃত ডকাইত কেইজনে।
হিন্দুস্থান সমাচাৰ / Narayan Kar