
যোৰহাট, ০৩ নৱেম্বৰ (হি.স.)। যোৰহাটত সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যাণ সন্থা, এন এইচ এম, অসম আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থাৰ প্ৰতিবাদী কাৰ্য্যসূচী।
উল্লেখ্য যে সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যাণ সন্থা, এন এইচ এম, অসম আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থাই আজি ৰাজ্যৰ প্ৰতিখন জিলাতে বিক্ষোভ প্ৰদৰ্শনীৰে অবিৰত ধৰ্ণা কাৰ্যসূচী আৰু কর্মবিৰতি ও অৱস্থান ধর্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে।
এই কাৰ্যসূচীৰ অংশৰূপে যোৰহাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ চৌহদত আজি ৩ নবেম্বৰৰ পৰা অগন্তক ৫ নৱেম্বৰলৈকে, পুৱা ৯-০০ বজাৰ পৰা বিয়লি ৩-৩০ বজালৈ প্ৰতিবাদি কাৰ্যসূচী পালন কৰিছে যোৰহাটস্থিত অসম স্বাস্থ্য ও কাৰিকৰী কল্যান সন্থা, এন এই এম আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলে। সমগ্ৰ অসমতে এই কাৰ্যসূচী অনুষ্ঠিত হৈ আছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু