
যোৰহাট, ০৩ নৱেম্বৰ (হি.স.): যোৰহাটত পুনৰ এক ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। যোৱা কালি দেওবাৰে সন্ধিয়া যোৰহাটৰ অজন্তা বাইপাচত এখন ৰয়েল এনফিল্ড (এএছ কিউ ২৯১৪) বাইকত আহি থকা অৱস্থাতে পাপু ভূঞা নামৰ এজন যুৱকক আৰক্ষীয়ে কৰায়ত্ত কৰে। গোপন সূত্ৰৰ আধাৰত আৰক্ষীয়ে অভিযান চলাই এই যুৱকজনক ধৰে। পাপু ভূঞাৰ হাতৰ পৰা প্ৰায় ২ গ্ৰাম সন্দেহজনক ড্ৰাগছ, এটা চিৰিঞ্জ আৰু কিছু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে পাপু ভূঞা পূৰ্বেও কেইবাবাৰো এই ক্ষেত্ৰত জড়িত আছিল আৰু তেওঁ যোৰহাট নেষ্টৰ সমীপৰ বাসিন্দা।স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি পাপু ভূঞা ড্ৰাগছ সৰবৰাহকাৰী হিচাপে দীর্ঘদিন ধৰি সক্ৰিয় আছিল আৰু যোৰহাটত ইয়াৰ সৈতে জড়িত অন্য কিছুমান লোককো চিহ্নিত কৰাৰ কাম চলি আছে। ঘটনাস্থলীত চিভিল ডিফেন্সৰ চিন্তূ মনি হাজৰিকাৰো উপস্থিতি আছিল আৰু তেওঁ আৰক্ষীক পূৰ্ণ সহযোগ আগবঢ়ায়। এই ঘটনাই পুনৰবাৰ যোৰহাটত ড্ৰাগছ সৰবৰাহৰ উদ্বেগজনক পৰিস্থিতিৰ প্ৰতিফলন ঘটিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ