শিৱসাগৰ জিলাৰ আমগুৰিত বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ
শিৱসাগৰ জিলাৰ আমগুৰিত বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ।
শিৱসাগৰ জিলাৰ আমগুৰিত বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ


শিৱসাগৰ, ০৩ নৱেম্বৰ (হি.স.): শিৱসাগৰ জিলাৰ আমগুৰি নগৰৰ উদ্ধাৰ কৰা হৈছে অবৈধ বিলাতী সুৰা । আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত চলা এক অভিযানত কেইবা হাজাৰ টকা মূল্যৰ বিলাতী সুৰা জব্দ কৰা হৈছে। আমগুৰি নগৰৰ চাৰি নং ৱাৰ্ডৰ বাসিন্দা শংখ দত্তৰ ঘৰত উদ্ধাৰ কৰা হৈছে বিলাতী সুৰা খিনি।

উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা আমগুৰি নগৰৰ চাৰি নং ৱাৰ্ডৰ বাসিন্দা শংখ দত্তৰ ঘৰত অবৈধ বিলাতী সুৰাৰ ব্যৱসায় চলাই অহাৰ বিষয়ে আৰক্ষীয়ে গোপন সূত্ৰে জানিব পাৰি অৰ্তকিতে অভিযান চলাই অবৈধ বিলাতী সুৰাখিনি জব্দ কৰে। দীৰ্ঘদিন ধৰি আমগুৰিত একাংশ অসাধু ব্যৱসায়ীয়ে অবৈধ বিলাতী সুৰা আৰু অৰুণাচলী সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে । এই সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰজু কৰি তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande