কাঠমাণ্ডু, ০৯ অক্টোবৰ (হি.স.)। ভংগ হোৱা প্ৰতিনিধি সদন পুনৰবাহালৰ দাবীত আৰু বৰ্তমান চৰকাৰৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰি আদালতৰ কাষ চাপিবলৈ সাজু হৈছে নেপালী কংগ্ৰেছ আৰু চিপিএন-ইউএমএল। ভংগ হোৱা প্ৰতিনিধি সদনত দুয়োটা দলেই আছিল সৰ্ববৃহৎ দল।
নেপালী কংগ্ৰেছৰ মুখপাত্ৰ ড০ প্ৰকাশ শৰণ মহতে উল্লেখ কৰে যে এই বিষয়ত দুয়োটা দলে যৌথভাৱে আইনী আলোচনাত মিলিত হৈছে। মহতৰ দাবী যে আদালতৰ কাম-কাজ আৰম্ভ হোৱাৰ লগে লগে আদালতত আবেদন দাখিল কৰিবলৈ সাজু।
চিপিএন-এমএলএলৰ উপ-সাধাৰণ সম্পাদক প্ৰদীপ গ্যাৱালীয়ে সংসদ ভংগ কৰাটো যিকোনো দিশতে অসাংবিধানিক বুলি উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে আদালতৰ নিজা আদেশত উল্লেখ আছে যে চৰকাৰ গঠনৰ সম্ভাৱনা থকালৈকে সংসদ ভংগ কৰিব নালাগে। ইয়াৰ ভিত্তিত তেওঁলোকে ৰিট আবেদন দাখিল কৰাৰ প্ৰস্তুতি চলাইছে।
দুয়োটা দলৰ মতে সুশিলা কাৰ্কী চৰকাৰ গঠন কৰাটোও অসাংবিধানিক, সেয়েহে এই চৰকাৰৰ বৈধতাক লৈও প্ৰশ্ন উত্থাপন হ’ব। নেপালৰ প্ৰখ্যাত সাংবিধানিক বিশেষজ্ঞ ভীমাৰ্জুন আচাৰ্যই কয় যে সংসদ ভংগ আৰু চৰকাৰৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা ৰিটসমূহ একেলগে আদালতত দাখিল কৰা হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া