ৰাষ্ট্ৰসংঘত পি পি চৌধুৰীয়ে পাকিস্তানক দেখুৱালে দাপোন
নিউয়ৰ্ক, ০৯ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাৰতে পুনৰবাৰ পাকিস্তানৰ প্ৰকৃত ছবি উদঙাই দিলে। এইবাৰ ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত বিজেপিৰ সাংসদ পি পি চৌধুৰীয়ে নিৰ্বাচনী ৰিগিং, জনপ্ৰিয় নেতাক কাৰাগাৰত বন্দী কৰা, নিজৰ মানুহৰ ওপৰত বোমা বিস
संयुक्त राष्ट्र की सभा में बोलते हुए पीपी चौधरी


নিউয়ৰ্ক, ০৯ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাৰতে পুনৰবাৰ পাকিস্তানৰ প্ৰকৃত ছবি উদঙাই দিলে। এইবাৰ ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত বিজেপিৰ সাংসদ পি পি চৌধুৰীয়ে নিৰ্বাচনী ৰিগিং, জনপ্ৰিয় নেতাক কাৰাগাৰত বন্দী কৰা, নিজৰ মানুহৰ ওপৰত বোমা বিস্ফোৰণ, গণ আন্দোলন নিৰ্মমভাৱে দমনৰ তথ্য দাঙি ধৰে। চৌধাৰীয়ে উল্লেখ কৰে যে এই সকলোবোৰৰ মাজতো পাকিস্তানে সংকীৰ্ণ ৰাজনৈতিক উদ্দেশ্য পূৰণৰ বাবে ৰাষ্ট্ৰসংঘৰ মঞ্চৰ অভাসগত অপব্যৱহাৰ কৰে, যিটো ভাৰতে তীব্ৰ গৰিহণা দিয়ে।

বুধবাৰে ৰাষ্ট্ৰসংঘৰ তৃতীয় সমিতিৰ সাধাৰণ বিতৰ্কৰ সময়ত ভাৰতক প্ৰতিনিধিত্ব কৰি পাকিস্তানৰ কুৎসিত উদ্দেশ্য আৰু অপপ্ৰচাৰৰ অভিলেখ তীব্ৰভাৱে উদঙাই দিয়ে ৰাজস্থানৰ পালিৰ সাংসদ তথা ৱান নেচন ৱান ইলেকচনৰ যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ পি পি চৌধুৰীয়ে। তেওঁ বিশ্ব সমাজক সোঁৱৰাই দিয়ে যে পাকিস্তানৰ নিজা সেনা প্ৰধানেও দেশখনক “ডাম্প ট্ৰাক” বুলি অভিহিত কৰিছে, যাৰ ফলত ইয়াৰ শাসন ব্যৱস্থাৰ গেলি পচি যোৱা অৱস্থা উন্মোচিত হৈছে। তেওঁ জম্মু-কাশ্মীৰ সন্দৰ্ভত পাকিস্তানৰ ভিত্তিহীন মন্তব্য নাকচ কৰি কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ এক অবিচ্ছেদ্য আৰু অভিন্ন অংগ বুলি পুনৰ কয়।

চৌধুৰীয়ে আলোকপাত কৰে যে পাকিস্তানৰ বিভাজনমূলক আৰু অত্যাচাৰী নীতিৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰত গ্ল’বেল চাউথ আৰু ৰাষ্ট্ৰসংঘৰ এক নিৰ্ভৰযোগ্য অংশীদাৰ হিচাপে থিয় দিছে। তেওঁ কয় যে মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাৰ দ্বাৰা অনুপ্ৰাণিত ভাৰতৰ সংবিধানে এনে এক অধিকাৰভিত্তিক কাঠামো প্ৰদান কৰে যিয়ে প্ৰতিজন নাগৰিকে নিজৰ সম্পূৰ্ণ সম্ভাৱনাক লাভ কৰাটো নিশ্চিত কৰে। এই উপলক্ষে সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ সাফল্যৰ ওপৰতো আলোকপাত কৰে। যোৱা দশকত ২৫ কোটিতকৈ অধিক লোকক বহুমাত্ৰিক দৰিদ্ৰতাৰ পৰা উলিয়াই অনা হৈছে, আনহাতে প্ৰায় ৮০ কোটি লোকে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ দ্বাৰা উপকৃত হৈছে। তেওঁ উল্লেখ কৰে যে সামাজিক সুৰক্ষাই এতিয়া দেশৰ ৬৪.৩ শতাংশ জনসংখ্যা সামৰি লৈছে।

সাংসদ চৌধুৰী আৰু প্ৰতিনিধি দলৰ সদস্যসকলে ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় সংকট গোটৰ সঞ্চালক ৰিচাৰ্ড গোৱানৰ সৈতে ৰাষ্ট্ৰসংঘক ইয়াৰ উদ্দেশ্যৰ বাবে উপযুক্ত কৰা বিষয়ক এক ফলপ্ৰসূ আলোচনাত মিলিত হয়। এই উপলক্ষে সাংসদ চৌধুৰীয়ে কয় যে, ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত পি হৰিশে প্ৰদান কৰা কৌশলগত পথ প্ৰদৰ্শনৰ বাবে প্ৰতিনিধি দলৰ মুৰব্বী হিচাপে মই গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো।

জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত আন্তৰিক শ্ৰদ্ধাঞ্জলি

ইয়াৰ পূৰ্বে সাংসদ চৌধুৰী আৰু সমগ্ৰ ভাৰতীয় প্ৰতিনিধি দলে ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্প অৰ্পণ কৰি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে তেখেতৰ শান্তি, অহিংসা, আৰু সম্প্ৰীতিৰ চিৰন্তন বাৰ্তাই আমাক পথ প্ৰদৰ্শন কৰি আছে আৰু বিশ্বৰ বাবে প্ৰদীপ হিচাপে থিয় দিছে বুলি উল্লেখ কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande