ৱাশ্বিংটন, ০৯ অক্টোবৰ (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আজিৰ ঘোষণা কৰে যে ইজৰাইল আৰু হামাছে তেওঁৰ গাজা শান্তি পৰিকল্পনাত সন্মতি প্ৰকাশ কৰিছে। দুয়োজনে তেওঁৰ ২০ পইণ্টৰ পৰিকল্পনাত সন্মতি প্ৰকাশ কৰিছে। দুয়োজনে প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱত স্বাক্ষৰ কৰিছে। সোমবাৰৰ পৰা পণবন্দী মুক্তিৰ কাম আৰম্ভ হ’ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে ইজিপ্তৰ শ্বাৰম এল শ্বেইখ চহৰত ইজৰাইল আৰু হামাছৰ মাজত গাজা যুদ্ধৰ অন্ত পেলাবলৈ পৰোক্ষ আলোচনা চলি আছে। হামাছে পণবন্দী আৰু পেলেষ্টাইনী বন্দীৰ তালিকা বিনিময়ৰ বাবে দাখিল কৰিছে।
চিএনএন নিউজ চেনেলৰ বাতৰি অনুসৰি এই ঘোষণা কৰাৰ পূৰ্বে ষ্টেট ডাইনিং ৰুমৰ পৰা ওলাই অহাৰ পিছত অ’ভেল অফিচত ফোনত কথা পাতিছিল ট্ৰাম্পে। প্ৰায় এঘণ্টা আগতে তেওঁ ষ্টিভ উইটকফ আৰু তেওঁৰ জোঁৱাই জেৰেড কুছনাৰৰ সৈতে কথা পাতিছিল। ইয়াৰ কিছু সময়ৰ পিছতে ইজৰাইল আৰু হামাছৰ মাজত চলি থকা আলোচনাৰ সবিশেষ তেওঁৰ ট্ৰুথ ছ’চিয়েলত শ্বেয়াৰ কৰা হয়।
হোয়াইট হাউছৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে আমেৰিকাই আশা কৰিছে যে সোমবাৰৰ পৰা পণবন্দীসকলক মুকলি কৰি দিয়াৰ কাম আৰম্ভ হ’ব। বিষয়াগৰাকীয়ে লগতে কয় যে এতিয়া এই চুক্তিখন বৃহস্পতিবাৰে ইজৰাইলৰ কেবিনেটত দাখিল কৰা হ’ব, তাৰ পিছত যুদ্ধবিৰতি পৰিকল্পনা কাৰ্যকৰী কৰা হ’ব।
ইফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ট্ৰাম্পক তেওঁৰ এই প্ৰচেষ্টাৰ বাবে ধন্যবাদ জনাই ইজৰাইলৰ সংসদ নেচেটত ভাষণ দিবলৈ আমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তথ্য অনুসৰি নেতানিয়াহুৰ নেতৃত্ব আৰু কাৰ্যকলাপৰ বাবে ট্ৰাম্পে অভিনন্দন জনায়। ইফালে যুদ্ধবিৰতিৰ খবৰ বনজুইৰ দৰে বিয়পি পৰিছে, পণবন্দীসকলৰ পৰিয়ালে আনন্দ প্ৰকাশ কৰিছে।
পণবন্দী গালি আৰু জিভ বাৰ্মানৰ ভাতৃ লিৰান বাৰ্মানে চুক্তি ঘোষণা হোৱাৰ কিছু সময়ৰ পিছতে এক্সত কয় যে তেওঁ “সঁচাকৈয়ে সুখী” আৰু তেওঁৰ আপোনজনক যিমান সোনকালে পাৰি চাব বিচাৰে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ জোৱান ইটায় চেনৰ (যাৰ মৃতদেহ হামাছৰ হাতত আছে)ৰ পিতৃ ৰুবী চেনে এটা পোষ্টত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু আমেৰিকাৰ আলোচনাপন্থী দলৰ অন্যান্য সদস্যসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।
ইজৰাইল চৰকাৰৰ এগৰাকী মুখপাত্ৰই কয় যে বৃহস্পতিবাৰে কেবিনেট বৈঠকত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে সকলো সবিশেষ দাখিল কৰিব। ইজৰাইলৰ বাবে ইয়াক এক মহান দিন বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে ইজৰাইলৰ আইন অনুসৰি পণবন্দী চুক্তিৰ অধীনত পেলেষ্টাইনী বন্দীক মুকলি কৰি দিয়াৰ যিকোনো সিদ্ধান্ত প্ৰথমে মন্ত্ৰীসভাৰ অনুমোদন ল’ব লাগিব। যদিহে কেবিনেটে এই চুক্তিৰ সপক্ষে ভোট দিয়ে তেন্তে ইজৰাইলৰ উচ্চ ন্যায়ালয়ত মুক্তিক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিবলৈ কম সময়ৰ প্ৰয়োজন। এই বাধা দূৰ হোৱাৰ পিছতহে চৰকাৰে মুক্তিৰ কাম আগবঢ়াই নিব পাৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ