খাৰাণত পাকিস্তানী সেনাৰ ওপৰত বেলুচ লিবাৰেচন আৰ্মীৰ আক্ৰমণ, পাঁচজন জোৱান নিহত
কুৱেটা (বেলুচিস্তান), ০৯ অক্টোবৰ (হি.স.)। বেলুচ লিবাৰেশ্যন আৰ্মীয়ে বুধবাৰে খাৰাণত পাকিস্তানী সেনা চকীত আক্ৰমণ চলোৱাত ৫জন জোৱান নিহত হয়। খৰাণৰ গৰাক অঞ্চলৰ মথাউৰিৰ সমীপত এটা স্থান দখল কৰি থকা পাকিস্তানী সেনাক বিএলএৰ যোদ্ধাসকলে পলায়ন কৰিবলৈ বাধ্য ক
बलोचिस्तान के खारन जिले में सोमवार को भी सशस्त्र लोगों ने पाकिस्तानी सेना की चौकी पर हमला किया था।


কুৱেটা (বেলুচিস্তান), ০৯ অক্টোবৰ (হি.স.)। বেলুচ লিবাৰেশ্যন আৰ্মীয়ে বুধবাৰে খাৰাণত পাকিস্তানী সেনা চকীত আক্ৰমণ চলোৱাত ৫জন জোৱান নিহত হয়। খৰাণৰ গৰাক অঞ্চলৰ মথাউৰিৰ সমীপত এটা স্থান দখল কৰি থকা পাকিস্তানী সেনাক বিএলএৰ যোদ্ধাসকলে পলায়ন কৰিবলৈ বাধ্য কৰে। এই সময়ত দুয়োফালৰ পৰা প্ৰচণ্ড গুলীচালনা কৰা হৈছিল ।

দ্য বেলুচিস্তান পোষ্ট (পাষ্টো ভাষা)ত প্ৰকাশিত এক বাতৰি অনুসৰি বেলুচ লিবাৰেচন আৰ্মীৰ মুখপাত্ৰ জৈন্দ বালোচে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে। বিবৃতিটোত কোৱা হৈছে যে খৰাণত বিএলএ যোদ্ধাই পাকিস্তানী সেনাৰ ক্ষতিসাধন কৰে। খৰাণৰ গৰাক অঞ্চলত মথাউৰিৰ সমীপত এটা স্থান দখল কৰি থকা পাকিস্তানী সেনাৰ এটা চকী ধ্বংস কৰে বিএলএৰ কমাণ্ডাৰে। যোদ্ধাসকলে পাকিস্তানী সেনাৰ জোৱানৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰি থিতাতে ৫জন জোৱান নিহত হোৱাৰ লগতে কেইবাজনো জোৱান আহত হয়।

জাইদ বালোচে কয় যে বেলুচ লিবাৰেচন আৰ্মীয়ে এই আক্ৰমণৰ দায়িত্ব গ্ৰহণ কৰে। ইফালে, বেলুচিস্তানত সাধাৰণ নাগৰিক আৰু যুৱক-যুৱতীক বলপূৰ্বকভাৱে নিৰুদ্দেশ কৰাৰ সন্দৰ্ভত ফেডাৰেল চৰকাৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ভইচ ফৰ বেলুচ মিছিং পাৰ্চনছ (VoIP)-এ। বুধবাৰে কুৱেটা প্ৰেছ ক্লাবৰ সন্মুখত সংগঠনটোৱে নিহতসকলৰ পৰিয়ালৰ সৈতে এক বৈঠকত মিলিত হয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande