আৰ্জেণ্টিনাৰ আদালতৰ ক্ৰীষ্টিনা ফাৰ্নাণ্ডেজ ডি কিৰ্চনাৰৰ আক্ৰমণত দোষী সাব্যস্ত সকলক শাস্তি প্ৰদান
বুয়েনছ আয়াৰ্ছ, ০৯ অক্টোবৰ (হি.স.)। আৰ্জেণ্টিনাৰ আদালতে বুধবাৰে দেশখনৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি তথা বিশিষ্ট বিৰোধী নেত্ৰী ক্ৰীষ্টিনা ফাৰ্নাণ্ডেজ ডি কিৰ্চনাৰক হত্যাৰ চেষ্টা চলোৱাৰ অপৰাধত দুজন লোকক দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰে। ২০২২ চনত কিৰ্চনা
আৰ্জেণ্টিনাৰ আদালতৰ ক্ৰীষ্টিনা ফাৰ্নাণ্ডেজ ডি কিৰ্চনাৰৰ আক্ৰমণত দোষী সাব্যস্ত সকলক শাস্তি প্ৰদান


বুয়েনছ আয়াৰ্ছ, ০৯ অক্টোবৰ (হি.স.)। আৰ্জেণ্টিনাৰ আদালতে বুধবাৰে দেশখনৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি তথা বিশিষ্ট বিৰোধী নেত্ৰী ক্ৰীষ্টিনা ফাৰ্নাণ্ডেজ ডি কিৰ্চনাৰক হত্যাৰ চেষ্টা চলোৱাৰ অপৰাধত দুজন লোকক দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰে। ২০২২ চনত কিৰ্চনাৰ উপ-ৰাষ্ট্ৰপতি হৈ থকাৰ সময়তে এই আক্ৰমণ সংঘটিত হৈছিল।

আদালতে আৰ্জেণ্টিনাত বাস কৰা ব্ৰাজিলৰ নাগৰিক ফাৰ্নাণ্ডো ছাবাগ মণ্টিয়েলক হত্যাৰ চেষ্টাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। তেওঁৰ প্ৰাক্তন প্ৰেমিকা ব্ৰেণ্ডা উলিয়াৰ্টেক এই অপৰাধত সহযোগিতাৰ বাবে ৮ বছৰৰ কাৰাদণ্ড বিহা হয়।

মনিয়েলে কিৰ্চনাৰৰ মূৰত লোড পিষ্টল এটা টোৱাই ট্ৰিগাৰটো টানিলে যদিও অস্ত্ৰটোৰ পৰা গুলী চলাব নোৱাৰিলে। পিছত তেওঁ আদালতত স্বীকাৰ কৰে যে তেওঁৰ উদ্দেশ্য আছিল কিৰ্চনাৰক হত্যা কৰা।

দেশখনৰ অন্যতম প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তি কিৰ্চনাৰৰ ওপৰত কৰা এই আক্ৰমণে আৰ্জেণ্টিনাক স্তম্ভিত কৰি তুলিছিল আৰু আন্তঃৰাষ্ট্ৰীয় নিন্দা লাভ কৰিছিল।

উল্লেখযোগ্য যে বৰ্তমান ক্ৰীষ্টিনা কিৰ্চনাৰ এটা সুকীয়া দুৰ্নীতিৰ গোচৰত গৃহবন্দী হৈ আছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande