তিনিচুকীয়া জিলাৰ কাকপথাৰত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ
তিনিচুকীয়া জিলাৰ কাকপথাৰত আজি পুৱাই আৰক্ষীৰ বৃহৎ সফলতা ৷
তিনিচুকীয়া জিলাৰ কাকপথাৰত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ


তিনিচুকীয়া, ০৪ অক্টোবৰ (হি.স.): তিনিচুকীয়া জিলাৰ কাকপথাৰত আজি পুৱাই আৰক্ষীয়ে বৃহৎ সফলতা কৰে ৷ জব্দ কৰিলে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। নৈশ চুপাৰ এখনত অতি কৌশলগত ভাৱে সৰবৰাহ কৰিছিল সন্দেহজনক হেৰ’ইনখিনি ৷ পিতৃ-কন্য়াই মিলি সৰবৰাহ কৰিছিল ছয়টা চাবোনৰ কন্টেনাৰত প্ৰায় ৮০ গ্ৰাম ওজনৰ নিষিদ্ধ ড্ৰাগচ্ ৷

অভিযোগ অনুসৰি দীৰ্ঘদিনৰ পৰা পিতৃ মন্টু দহোতীয়া আৰু তেওঁৰ কন্য়াই চলাই আহিছে ড্ৰাগচৰ এই ব্যৱসায় ৷ ডুমডুমা সমজিলা আৰক্ষী অধীক্ষক দিগন্ত দত্তৰ নেতৃত্বত কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ফুকন সহ কাকপথাৰ আৰক্ষীৰ সহযোগত গোপন সূত্ৰৰ পম খেদি বুজন পৰিমাণৰ ড্ৰাগচ্‌ সহ আটক কৰে পিতৃ-কন্য়াক ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে পিতৃ-কন্য়াক সোধা-পোছা অব্যাহত ৰাখিছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande