
দক্ষিণ শালমাৰা মানকাচৰ, ৩০ ছেপ্টেম্বৰ (হি.স.): চোৰাং মটৰ চাইকেলৰ ঘাটিত পৰিণত হৈ পৰিছে দক্ষিণ শালমাৰা । বিভিন্ন ধৰণৰ চোৰাং মটৰচাইকেল উদ্ধাৰ কৰিছে দক্ষিণ শালমাৰা আৰক্ষীয়।
দক্ষিণ শালমাৰাত চোৰং মটৰ চাইকেলৰ অনুসন্ধানত আৰক্ষীয়ে তীব্ৰ অভিযান চলায়। দক্ষিণ শালমাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জে এচ খুবুংগৰ নেতৃত্বত চলিছে এই অভিযান। অভিযানত যোৱাকালি সোমবাৰে নিশা দক্ষিণ শালমাৰা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত অনুসন্ধান চলাই উদ্ধাৰ কৰে ৪টাকৈ চোৰাং মটৰচাইকেল । ইয়াৰ আগেও চলিত মাহতে ১১ টাকৈ চুৰি মটৰ চাইকেল দক্ষিণ শালমাৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল আৰু যোৱা নিশা পুনৰ চাৰিটাকৈ চুৰি মটৰ চাইকেল উদ্ধাৰকলৈ আতংকৰ সৃষ্টি হৈছে৷ একেদৰে যোৱা নিশা আৰক্ষীৰ অনুসন্ধানত উদ্ধাৰ হোৱা মটৰ চাইকেল সমূহ ক্ৰমে :১) এ এছ ১৬ এ ৩৮৯২ ( আপাচি) ২) এ এছ ১৮ ডি -২২৪৬ ( শ্পেলেণ্ডাৰ)৩/ এ এছ ১৭ বি ৯৪৭৬(শ্পেলেণ্ডাৰ)৪) এ এছ ১৫ এইচ ৭৯৪০ (গ্লেমাৰ)মুঠ চাৰিটা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। আৰক্ষী সূত্ৰে জানিব দিয়া মতে দক্ষিণ শালমাৰা আৰক্ষী থানাৰ আৰক্ষীয়ে গোপন অনুসন্ধানৰ ভিত্তিত ফুলকাকাটা তৃতীয় খণ্ড .ছাইতানবাৰী দ্বিতীয় খণ্ড, পোৰাৰচৰ আৰু কাতলামাৰি গাঁৱত অনুসন্ধান চলাই চুৰি মটৰ চাইকেল চাৰিটা উদ্ধাৰ কৰে আৰু লগতে দোষীক চিনাক্ত কৰাৰ বাবে PS GDE NO 02 /2025 ৰুজু কৰি পূৰ্ণগতিত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব দিয়ে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ