
শোণিতপুৰ, ২৯ ছেপ্টেম্বৰ (হি.স.): দুৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে শোণিতপুৰ বালিপৰাত যোৱাকালি দেওবাৰে বিয়লি সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। বালিপৰাৰ সমীপৱৰ্তি আদাবাৰী চাহ বাগিচাত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনা।
এজনী ছাগলীৰ বাবে প্ৰাণ হেৰুৱালে এল্বনেচ কুজুৰ নামৰ এজন ব্যক্তিয়ে। উল্লেখ্য যে বাগিচা খনৰ ১ নং লাইনৰ এটা পৰিয়ালৰ ছাগলী চুৰি কৰাৰ বাবেই কোৰৰ নাল বাঁহৰে মৰিয়াই মৰিয়াই মাৰি পেলালে এল্বনেচ কুজুৰ নামৰ এই লোকজনক। ইতিমধ্যে ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত মূল অভিযুক্ত ফিনো কেৰ্কেতা, ইলিয়াজাৰ কেৰ্কেতা আৰু মণ্টু নাহক নামৰ তিনিজনক আটক কৰি জেললৈ প্ৰেৰণ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ