
বৰপেটা, ৩০ অক্টোবৰ (হি.স.): শ্বপিং মলত সুৰক্ষিত নহয় যুৱতী কিশোৰীসকল। বৰপেটাৰোডৰ ৰিলাইন্স ট্রেণ্ডচ শ্বপিং ম'লত যোৱা কালি বুধবাৰে সন্ধিয়া সংঘটিত এক জঘন্য কাণ্ডই মহিলাসকলৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। মহিলা ট্ৰায়েল ৰুমত মোৱাইল কেমেৰাৰে যুৱতীৰ ভিডিও ৰেকৰ্ড কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে কৰ্মচাৰীৰ বিৰুদ্ধে। শ্বপিং মলৰ মহিলা ট্ৰায়েল ৰুমত গোপন কেমেৰা উদ্ধাৰ পাছতে শ্বপিং মলৰ সন্মুখত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।
বৰপেটাৰোডৰ ৰিলাইন্স (Reliance) ট্রেণ্ডচ নামৰ শ্বপিং মলত সংঘটিত হৈছে এই জঘন্য ঘটনা। শ্বপিং মলটোৰ এগৰাকী কৰ্মচাৰীয়ে মহিলা ট্ৰায়েল ৰুমৰ গোপন স্থানত মোবাইল কেমেৰা ৰাখি এগৰাকী যুৱতীয়ে কাপোৰ সলনি কৰি থকা মুহুৰ্তৰ ভিডিও ৰেকৰ্ড কৰাৰ ভয়ঙ্কৰ অভিযোগ উঠিছে। ইয়াৰ পিছতে শ্বপিং মলৰ সন্মুখত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। শ্বপিং মলটোত কৰ্মৰত ৰিপন আহেমদ নামৰ এগৰাকী কৰ্মচাৰীয়ে সংঘটিত কৰিছে এই জঘন্য ঘটনা। ঘটনা সম্পৰ্কে আৰক্ষীক খৱৰ দিয়াত বৰপেটাৰোড আৰক্ষী উপস্থিত হৈ ৰিপন আহমেদ নামৰ কৰ্মচাৰী গৰাকীক আটক কৰি আৰক্ষী থানালৈ লৈ যায়। ৰিপন আহমেদৰ ঘৰ সৰভোগত বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে ইয়াৰ পূৰ্বেও এইগৰাকী ৰিপন আহমেদ নামৰ যুৱক গৰাকীয়ে সৰভোগত এগৰাকী শিক্ষয়িত্ৰীৰ গা ধোৱা ভিডিঅ ৰেকৰ্ডিং'' কৰি ৰঙা ঘৰৰ আলহী হৈছিল । বৰপেটাৰোড আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ