নগাঁও, ২০ অক্টোবৰ (হি.স.)। নগাঁও জিলাৰ কামপুৰৰ পাৰলিগুৰিত চুৰি কাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ দুটাকৈ বাসগৃহত সংঘটিত কৰা হৈছে এই চুৰি কাণ্ড। দেওবাৰে ঘৰত কোনো মানুহ নথকাৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান ৷
জানিব পৰা মতে, দৰ্জা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে চোৰ ৷ নগদ ধন সহ বহু পৰিমানৰ সোণ ৰূপৰ অলংকাৰ লৈ উধাও হয় চোৰ ৷ পাৰলিগুৰিৰ বেণুমাধৱ নাথ আৰু গণেশ বসুমতাৰী নামৰ লোক দুজনৰ বাসগৃহত এই চুৰিকাণ্ডৰ ঘটনা সংঘটিত কৰা হৈছে ৷ এই সন্দৰ্ভত পৰিয়াল দুটাই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। ইফালে আৰক্ষীয়ে চোৰৰ সন্ধানত অভিযান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত চোৰৰ কোনো সম্ভেদ পোৱা নাই।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা